" উজ্জীৱন ই আলোচনী " - কি? ? ? ?
প্ৰস্তাৱনা-উজ্জীৱন কেৱল ই আলোচনী নহয় তথা কেৱল সাহিত্যিক ধাৰণাকে সাঙুৰি লোৱা নাই ৷ জাতীয়,গোলকীয় সমাজ জীৱনৰ সকলো বিষয়ক সাঙুৰি লৈছে উজ্জীৱনে ৷ উজ্জীৱনে "উজ্জীৱিত" নীতি অৰ্থাৎ জীয়াই ৰখাৰ প্ৰেৰণা,বিকাশৰ প্ৰেৰণাক সমৰ্থন কৰে ৷ উজ্জীৱন আমাৰ বাবে আমি প্ৰস্তুত কৰা আমাৰ সম্পদ ৷
*_দফা নং-১_*
স্থাপিত- ২০১৭,১ নৱেম্বৰ
আলোচনীৰ নামাকৰণ কৰোতা-জীৱন গগৈ
প্ৰতিষ্ঠাপক-দিব্যজ্যেতি ৰাজখোৱা
প্ৰতিষ্ঠাপক মুখ্য সম্পাদক-দিব্যজ্যোতি ৰাজখোৱা
প্ৰতিষ্ঠাপক সহঃ সম্পাদক-হীৰকজ্যোতি গগৈ(বৰ্তমান,ইপ্সিতা দত্ত)
প্ৰতিষ্ঠাপক অতিথি সম্পাদক(বৰ্তমান এই পদৰ অপসাৰণ কৰা হৈছে)-হেমা চৌধুৰী গগৈ
প্ৰতিষ্ঠাপক কাৰিকৰী সম্পাদক-অৰিন্দম বৰা(বৰ্তমান লোচন বৰা)
বেটুপাত নিৰ্মাতা( বৰ্তমান এই পদ অপসাৰণ কৰা হৈছে)- দীপজ্যোতি শৰ্মা৷
———————————————
*অতিথি সম্পাদকসকল-*
দ্বিতীয় সংখ্যা-ডাঃ গিৰিণ বৰা ,প্ৰতিমা বৰদলৈ৷
তৃতীয় সংখ্যা-চাৰু ডেকা বৰুৱা
চতুৰ্থ সংখ্যা-চাৰু ডেকা বৰুৱা
▪▪▪▪▪▪▪▪▪▪
*_দফা নং - ২_*
*উজ্জীৱনৰ সন্মিলনসমূহ*
*প্ৰথম সন্মিলন* - ১৭ নৱেম্বৰ,২০১৭চন,দেৰগাওঁ নেঘেৰিটিং শিৱদল
*দ্বিতীয় সন্মিলন* -৮ ফেব্ৰুৱাৰী,২০১৮ চন,দাধৰা আহোম পথাৰ,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক অধিৱেশন৷
*তৃতীয় সন্মিলন*(বাৰ্ষিক)-১৯ জুলাই,২০১৮,দেৰগাওঁ টাউন উচ্চ বুনিয়াদি বিদ্যালয়৷
*চতুৰ্থ সন্মিলন* - ১৫ জানুৱাৰী,২০১৯ চন,খকন্দগুৰি ভোগালী বিহু সন্মিলন৷
*পঞ্চম সন্মিলন*(বাৰ্ষিক) - ২০ জুলাই,২০১৯ চন,দেৰগাওঁ টাউন উচ্চ বুনিয়াদি বিদ্যালয়৷
*শীতৰ এসন্ধ্যা* - গীত,নৃত্য,কবিতা,অভিনয়ৰে জুঁইৰ উমাল সান্নিধ্যৰ এসন্ধ্যা ৷ ১২ জানুৱাৰী,২০২০,দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰ ৷
-----------------------------------------
▪▪▪▪▪▪▪▪▪▪▪▪
*_দফা নং-৩_*
*প্ৰতিষ্ঠাপক সদস্যসকল*
শ্ৰীমন্ত বৰা,পাপু বৰা,নৱকমল বৰুৱা,যোগেশ বিকাশ গগৈ,জীৱন গগৈ,হেমা চৌধুৰী গগৈ,ৰাজশ্ৰী বৰুৱা,অনিতা বৰুৱা,অংকিতা ৰাজখোৱা,দীপজ্যোতি শৰ্মা,ইমৰান হুচেইন,অৰিন্দম বৰা,হীৰকজ্যেতি গগৈ,সুচিত্ৰা বৰা,বিৰাজপ্ৰতীম বৰা,হৰিদেৱ বৰ্মন,দৃদিক্ষা দুৱৰা,মাধুৰী হাজৰিকা,দীপ বৰা আদি ( বহু বাদ পৰি ৰৈছে)৷
--------------------------------------------
▪▪▪▪▪▪▪▪▪▪▪▪
*_দফা নং-৪_*
*উজ্জীৱনে অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাসমূহ*
১ম - সদৌ অসমভিত্তিত ভোগালী বিহু বিশেষ পিঠা বনোৱা প্ৰতিযোগিতা,২০১৮ চন৷
২ য় - সদৌ অসম ভিত্তিত স্বচৰিত কবিতা প্ৰতিযোগিতা,২০১৮ তন৷
৩ য় - সদৌ অসম ভিত্তিত শাৰদীয় মোবাইল ফটো প্ৰতিযোগিতা,২০১৮ আৰু ২০১৯ চন৷
৪ ৰ্থ - সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ পূজা মণ্ডপ প্ৰতিযোগিতা,২০১৮ আৰু ২০১৯ চন৷
৫ ম - সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ দেৱীৰ প্ৰতিমা প্ৰতিযোগিতা,২০১৮ আৰু ২০১৯ চন ৷
৬ ষ্ঠ - সদৌ অসম ভিত্তিত অণুগল্প প্ৰতিযোগিতা,২০১৯ চন৷
৭ তম - সদৌ অসম ভিত্তিত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উপলক্ষে ৰচনা প্ৰতিযোগিতা,২০১৯ চন৷
৮ তম - মিঃ উজ্জীৱন আৰু মিছ উজ্জীৱন৷
৯ ৱম- সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক ৰুদ্ৰেশ্বৰ শইকীয়া সোঁৱৰণি অনলাইন পিঠা প্ৰতিযোগিতা
-----------------------------------------
▪▪▪▪▪▪▪▪▪▪▪▪
*_দফা নং-৫_*
*উজ্জীৱনে অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণৰ সময়*
উজ্জীৱনৰ বৰ্ষশ্ৰেষ্ঠ সাধনা বঁটাসমূহ কেৱল বাৰ্ষিক সন্মিলন(জুলাই) ত হে দিয়াৰ অনমনীয় নিয়ম আছে ৷ তাৰোপৰি বিভিন্ন সময়ত বিভিন্ন উৎসৱ,অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ বঁটা উজ্জীৱনৰ মাসিক নহলে বাৰ্ষিক যিকোনো সন্মিলনতহে দিয়াৰ নিয়ম আছে ৷ কোনো বিজয়ী প্ৰতিযোগীলৈ অনলাইন যোগেৰে পুৰস্কাৰ পঠোৱাৰ ব্যৱস্থা নাই৷
▪▪▪▪▪▪▪▪▪
*_দফা নং-৬_*
*উজ্জীৱনৰ বিশেষ অনুষ্ঠান*
* কেৰিয়াৰ কাউনচিলিং- ইমৰান হুচেইন ৰাহত৷
* চিত্ৰকলা প্ৰশিক্ষণ- দিব্যজ্যোতি ৰাজখোৱা
* হস্তকলা প্ৰশিক্ষণ- দিব্যজ্যেতি ৰাজখোৱা
* মহিলা সকলক আচাৰ আৰু ঘৰুৱা কৰ্ম শিকণ- দিব্যজ্যোতি ৰাজখোৱা৷
----------------------------------------------
▪▪▪▪▪▪▪▪▪▪▪
*_দফা নং-৭_*
*"উজ্জীৱন আমাৰ প্ৰাণ,উজ্জীৱন আমাৰ গৌৰৱ,উজ্জীৱন আমাৰ নতুন শিকনীয় থল,য'ত বিচাৰি পাওঁ বহুৰঙী জ্ঞান"*
*_উজ্জীৱন কেৱল এখন আলোচনী নহয়,যি হ'ল এক সহযোগী সংস্থা যি সময়ে সময়ে সমাজ সৱলীকৰণৰ বাবে বহু পন্থা হাতত লৈছে৷উজ্জীৱন পৃথিৱীৰ চীন,নিউজিলেণ্ড,পোলেণ্ডো,জাপান,আমেৰিকা,অষ্ট্ৰেলিয়া,ৰোছিয়া আদি দেশত বিশেষ ব্যাপি আছে আৰু অতি সোনকালে আৰৱ,ছুইজাৰলেণ্ড আৰু কিউৱেট ৰাষ্ট্ৰৰ সাহিত্যিক,বৈজ্ঞানিক,সমাজসেৱক,শিক্ষাবিদৰ মাজত বিয়পি পৰিব৷উজ্জীৱনত চিকিৎসা,খেল,ৰাজনীতি,অৰ্থনতি,কেৰিয়াৰ,ভূগোল,শিক্ষা,সাহিত্য-সংস্কৃতি,বিজ্ঞান,কাৰিকৰী,সমাজতত্ব,ভুতত্ব,ব্যৱসায়-বাণিজ্য,খাদ্য,অৰ্থবিজ্ঞান,বিশেষ শিশু শিক্ষা,নাৰী শিক্ষা,জনকল্যাণ,যোগব্যাম,ফটোগ্ৰাফী,চিত্ৰকলা,হস্ত কলা,ভাষা ইত্যাদি প্ৰায় ত্ৰিশটাৰো অধিক বিভাগ জড়িত হৈ আছে৷ প্ৰত্যেক বিভাগৰ সদস্যই উজ্জীৱনত সমানে অধিকাৰ ভোগ কৰিব,প্ৰত্যেক বিভাগৰ গঠনমূলক বাৰ্তা গোটত সকলোৱে দিয়াৰ অধিকাৰ আছে৷উজ্জীৱনত ভাৰতৰ মহাৰাষ্ট্ৰ,তামিলনাডু,পশ্চিমবমগ,উৰিষ্যা,গুজৰাট,উত্তৰপ্ৰদেশ,কেৰেলা,মণিপুৰ,মিজোৰাম,তামিলনাডুকে ধৰি প্ৰায় ১০ খনৰো অধিক ৰাজ্য প্ৰত্যক্ষ-পৰোক্ষ্য দুয়ো দিশেৰে জড়িত হৈ আছে৷বৰ্তমান উজ্জীৱনত [ মুখ্যত-অসমীয়া(প্ৰাথমিক ভাষা) , গৌণত-হিন্দী,ইংৰাজী,তেলেগু,বাংলা(বৰ্তমান বৰ্জন কৰা হ'ল),নাগামিক্স,মণিপুৰী,গুজৰাটী,উড়িষী,মিজো,আৰৱিক,নামনি অসমীয়া কামৰূপী ভাষা(প্ৰাৰম্ভিক)] বাৰটা ভাষাই প্ৰাণ পায় উঠিছে৷উজ্জীৱনৰ লক্ষ্য বিশ্বায়নৰ যোগেৰে পৃথিৱীৰ সকলো দেশতে নতুন প্ৰতিভাসমূহ বিকশাই তুলা,অসমৰ নাম বাস্তৱ কৰ্মৰে প্ৰচাৰ-প্ৰসাৰ কৰা৷ কেৱল আলোচনী এখন প্ৰকাশ আৰু প্ৰচাৰ কৰাই আমাৰ লক্ষ্য নহয় ৷_*
*- উজ্জীৱনৰ নীতি নিৰ্দেশনা আমি মানি চলাতো আমাৰ দৰে এজন সচেতন লোকৰ পৰম কৰ্তব্য৷*
*উজ্জীৱন আমাৰ গৌৰৱ যত অসমৰ লগতে সমগ্ৰ বিশ্বৰ বহু কেইখন দেশৰ সামুহিক প্ৰাণৰ সমাৱেশ ঘটিছে৷আমি উজ্জীৱনৰ সকলো নিয়ম মানি চলি উজ্জীৱনক বিশ্ব দৰবাৰত সদায় উজ্জীৱিত কৰি ৰাখিম৷*
▪▪▪▪▪▪▪▪▪▪▪
🌸🌸🌸🌸🌸🌸🌸🌸🌸
মুখ্য সম্পাদক দিব্যজ্যোতি ৰাজখোৱাৰ সপোনৰ এটা বাস্তৱ ৰূপ আছিল "উজ্জীৱন"।২০১৭ চনৰ ১ নৱেম্বৰৰ দিনা বাস্তৱ হোৱা এই সপোনৰ প্ৰকৃতাৰ্থত সাৰ্থক হৈছিল ২০১৮ চনৰ ১ জানুৱাৰীত উজ্জীৱন ই আলোচনীৰ প্ৰথম সংখ্যাৰ প্ৰকাশৰ জৰিয়তে। কেবাটাও শিতানৰ জৰিয়তেই প্ৰথমেই পাঠকৰ কাষ চপা উজ্জীৱন ই আলোচনীখন পৰৱৰ্তী সময়ত অসমৰ সীমা অতিক্ৰম কৰি দেশ বিদেশৰ কেবাটাও ভাষাৰ লেখাৰ সংমিশ্ৰণত আজিৰ পৰ্যায় পাইছেহি। মাত্ৰ দুটা বছৰৰ অভিজ্ঞতাৰে উজ্জীৱনে আয়োজন কৰিলে পাঁচখনকৈ সন্মিলন।ইয়াৰোপৰি সদৌ অসম ভিত্তিত কবিতা প্ৰতিযোগিতা,অণুগল্প প্ৰতিযোগিতা,ৰচনা প্ৰতিযোগিতা আয়োজন কৰি বিজয়ী সকলক বঁটা প্ৰদানৰো দিহা কৰা উজ্জীৱনে এই বৰ্ষত প্ৰদান কৰিলে সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ অভিনেতা,শ্ৰেষ্ঠ সাংস্কৃতিক দল, শৰৎ কোঁৱৰ,শাৰদী ৰাণী আদি সন্মান ( বৰ্তমান ১৫ টা বিশেষ ক্ষেত্ৰত বৰ্ষশ্ৰেষ্ঠ পুৰস্কাৰ)।এইদৰেই যাত্ৰা আৰম্ভ কৰা উজ্জীৱনক প্ৰয়োজন আপোনাৰ আশীৰ্বাদ,সাহস আৰু সহযোগিতাৰ। আশা কৰোঁ আমাৰ আমাৰ এই যাত্ৰাত আপুনিও সহযাত্ৰী হ'ব৷উজ্জীৱনৰ এই যাত্ৰাত প্ৰতি খোজতে সহায় কৰা সকলোলৈকে আন্তৰিক ধন্যবাদ। তেখেতসকলৰ আৰ্থিক আৰু মানসিক সহযোগিতাৰ অবিহনে উজ্জীৱনৰ এই অৱস্থা অসম্ভৱ আছিল।
- প্ৰস্তত কৰণ
উজ্জীৱন পৰিচালনা সমিতি