ৰূপান্তৰঃ পংখী কাজল কায়স্থ

We Real Cool খ্যাত আফ্ৰিকান আমেৰিকান কবি গোৱেণ্ডোলিন ব্ৰুক্স্ ৰ জন্ম ১৯১৭ চনৰ ৭ জুনত ৷ অত্যন্ত জনপ্ৰিয় এইগৰাকী মহিলা কবিক ১৯৯০ চনত চিকাগো ষ্টেট ইউনিভাৰ্চিটিয়ে স্থায়ীভাৱে বসবাস কৰাৰ বাবে এটি আবাস গৃহ প্ৰদান কৰিছিল ৷ বৰ্তমান সেইটোৱেই বিখ্যাত Gwendolyn Brooks center বা campus নামে জনাজাত ৷ Annie Allen , The Bean Eaters , In the Mecca , Riot আদি তেওঁৰ উল্লেখ যোগ্য গ্ৰন্থ ৷ ৮৩ বছৰ বয়সত ২০০০ চনৰ ৩ ডিচেম্বৰত এই গৰাকী মহান কবিৰ কেঞ্চাৰ ৰোগত আক্ৰান্তহৈ চিকাগো চহৰত পৰলোক ঘটে ৷
তোমাৰ প্ৰতিচ্ছবি
"""""""""""""""""""""""""""
সহবাসৰ পিছত ইমান স্বল্প সময়
আমি আমাক মন্ত্ৰমুগ্ধৰ দৰে চাই থাকো
আলোছাঁয়াৰ সেই নিদ্ৰিত মায়াত
তুমি যেন শ্ৰান্ত পৰিপূৰ্ণ
সচ্ছল প্ৰাণৰ
গাৰুত একাশৰীয়া তোমাৰ মুখ
শিশুৰ দৰে শুভ্ৰতাৰ পটভূমিত
মই তুলি ধৰো
সেয়া যেন অসীম অনিন্দ্য পৰ
তুমি শ্যাম সুন্দৰ
নিখুঁত ৰেখাচিত্ৰৰ ৷
হয়টো তোমাৰো এদিন
এই ভালপোৱা শেষ হ’ব মোলৈ
হয়টো নিঃচিহ্ন হৈ যাম
তুমি মই অগনিৰ প্ৰলয় কালত
অথচ জুই আৰু বৰফেৰেও
মই লিখি যাম
স্মিতিৰ সেই প্ৰতিচ্ছবি
প্ৰীতিভৰা মধুৰ ক্ষণৰ ৷
পাবলো এণ্টনিও কুৱেদ্ৰা ( PABLO ANTONIO QUADRA )ৰ কবিতা
""""""""""""""""""""""""""""""""""""""""""""""""""""
নিকাৰাগুৱাৰ বাহিৰেও সমগ্ৰ লেটিন আমেৰিকাৰে এগৰাকী অন্যতম প্ৰতিনিধি স্থানীয় কবি পাবলো এণ্টনিও কুৱেদ্ৰা ৷ জন্ম ১৯১২ চনত মালাগুৱাত ৷ ১৯৩১ চনত তেওঁ লিখা পঢ়া সামৰি সমুদ্ৰত ভৰি দিয়ে ৷ সমুদ্ৰ আৰু নাবিক জীৱনৰ বহু বিচিত্ৰ অভিজ্ঞতা তেওঁৰ সমগ্ৰ কবিতাত প্ৰতিধ্বনিত হৈ আছে ৷ পৰৱৰ্তী কালত স্বাধীনতা আন্দোলনৰ সৈতেও তেওঁ যৰিত হৈ পৰিছিল ৷ ১৯৩৫ চনত প্ৰকাশিত হয় তেওঁৰ প্ৰথম কাব্য গ্ৰন্থ "পয়েমচ্ নিকাৰাগুৱেনিজ " ৷ চিৰিয়াখানা ১৯৬২ আৰু কবিতাগুচ্ছ ( ১৯২৯-৬২ , ১৯৬৪ )তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কাব্যসংকলন ৷
ৰূপান্তৰঃ পংখী কাজল কায়স্থ
চিঠি
""""""""
ইউফেমিয়াই চিঠি লিখিছে
ঘুৰি অাহা , তুমি ঘুৰি আহা ঘৰলৈ ৷
মই বুজিছো
যুদ্ধত খোজে খোজে সৃষ্টি হয়
মানুহৰ অহাযোৱা পথ ৷
পানীৰ কোনো পথ নাই ৷
সমুদ্ৰই সাঁচি নথয় পদচিহ্নৰ পাঠ ৷
""""""""""""""""""""""""
ছোৱালীবোৰ
""""""""""""""""""
দ্বীপপূঞ্জৰ ছোৱালীবোৰ
উছৱৰ পৰা উভতিছে
সিহঁতে নাওঁ বাইছে
সিহঁত সোঁতত ভাহি অহা ফুলৰ দৰে
সিহঁত নানাৰঙী উজ্জ্বল মালাৰ দৰে ৷
তুমি তোমাৰ দ্বীপপুঞ্জৰ পৰা
তেওঁলোকক অভিনন্দন জনোৱা
দেখিবা কিদৰে উৰিবলৈ ধৰা পক্ষীজাকৰ দৰে
সিহঁতবোৰে কলকলাই উঠিছে ৷
""""""""""""""""""""""""""""""""""""""
আহ্বান
"""""""""""
ফিচাৰ
তোমাৰ গানবোৰ বন্ধ কৰা ৷
ফিচাৰ
ধ্বনিময়তাৰে ভৰাই নুতুলিবা তোমাৰ কাণ ৷
সীমাহীন সেই নীলাই
তোমাক মাতিআছে ৷
""""""""""""""""""""""""""
শিশু
""""""""
ময়ো শিশু আছিলো
সেই শিশুটি এতিয়াও মৰি যোৱা নাই
সি ৰৈ গৈছে মোৰ বুকুৰ মাজত
সি মোৰেই হৃদয়খন
নিজৰ হৃদয়কৰি লৈছে
আৰু মোৰেই মনৰ গহন
চুই চাই আঁকিছে ছবি
মোৰ ৰাতিবোৰে
তাক পাৰাপাৰ কৰি শুনি থাকে
আৰু তাৰ অশ্ৰুৰ অতীত সমুদ্ৰ সাতুঁৰি
মোক লৈ যাই স্বপ্নৰ কাশলে
বতাহী তীৰেৰে ৷