
পৃথিৱীৰ অসুখ। পৃথিৱীৰ অসুখত অসুখী আমিবোৰ।কৰোনাৰ বিভীষিকা তথা লকডাউনত বিপৰ্যস্ত আমাৰ জনজীৱন। তাৰ পাছতো আমাৰ প্ৰত্যাশাৰ অন্ত নাই, সপোনৰ শেষ নাই।তেনে এক সম্ভাৱনাৰ আকৰ হৈ আশাৰ বতৰা লৈ প্ৰকৃতি বুকুত সেউজীয়া সিঁচি শাওণৰ আগমণ। শাওণ মানেই কৃষকৰ দুচকুত সপোনৰ অগা-দেৱা। সপোন পিয়াসী আমিবোৰ।সৃষ্টিশীলতাৰ বাটত সময়ক হেঙাৰ হ'বলৈ নিদি "উজ্জীৱন"ক উজ্জীৱিত কৰি ৰাখিবলৈ আকৌ "শাওণ বিশেষ" ৰূপত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পাৰ হৈ যোৱা সময়ছোৱাত কেবাটাও প্ৰতি বন্ধকতাৰ সন্মুখীন হৈ আপোনালোকৰ সন্মুখলৈ "উজ্জীৱন"ক আগবঢ়াই দিব নোৱাৰি আমি দুখিত।আশা;আমাৰ স'তে সাহস হৈ থাকি "উজ্জীৱন"ক জী থকাত সহায় কৰিব।
এই সংখ্যাৰ "উজ্জীৱন"ক সুন্দৰকৈ সজাই তোলা মুখ্য সম্পাদক প্ৰমুখ্যে সম্পাদনা সমিতিৰ প্ৰতিজন সদস্যৰ লগতে কাৰিকৰী সম্পাদক লোচনক বিশেষ ধন্যবাদ জনাইছোঁ।
ভাল হওক পৃথিৱী; কুশলে থাকক আপুনি...
ইপ্সিতা দত্ত
সহ: সম্পাদিকা