শাওন পিতাইৰ সেউজবুলীয়া সপোন।শাওনতে আই-পিতাই পথাৰত সপোন ৰচে।পথাৰত সেউজীয়া সন্তানবোৰক আই-পিতাই অতি যতনেৰে প্ৰতিপালন কৰে।আই-পিতাইৰ মৰম-চেনেহত সিহঁতে ও দিনে দিনে সেউজীয়াবোৰ বঢ়াই গৈ থাকে আৰু চাৰিওফালে সেউজীয়াময় কৰি তোলে। শাওন মাহত যেন প্ৰকৃতিও সেউজীয়াৰ লগত খেলিবলৈ ভাল পায়। বৰষুণৰ হাৰ শাওনতে বৃদ্ধি হৈ চৌদিশে সেউজীয়া কৰি তোলে। বৰষুণৰ হাৰ বাঢ়িলে নদীবোৰ ভৰ যৌৱনা হৈ জনসাধাৰণক সর্বস্রান্ত কৰা ও দেখা যায়। ভৰ যৌৱনা নদীবোৰে যৌৱনৰ উন্মাদনা ধৰি ৰাখিব নোৱৰাৰ ফলত কালমূর্তি ধৰি সকলোকে গ্ৰাস কৰি পেলায়। অকল মানুহৰ সপোন তচনচ কৰাই নহয় জীৱ-জন্তুকো আলাই-আথানি কৰে। বর্ষাৰ আমনি পালেও মূৰৰ ঘাম মাটিত পেলাই সপোন ৰচা পিতাইৰ সপোনবোৰে কিন্তু ঠন ধৰি উঠে। এগাদেৱা কৰি সপোনবোৰ বাঢ়ি যায় আৰু পিতাইৰ মুখত হাঁহি বিৰিঙি উঠে। 

       বাৰিষাৰ ঢল শাওনৰ পথাৰত দেখাৰ দৰে নদ-নদী, জান-জুৰি,খাল-বিল আদিতো মাছৰ উজান উঠা দেখা যায়।গাঁৱলীয়া জনসাধাৰণে চেপা, জাকৈ, খালৈ, জাল আদিৰে মাছ মাৰি আনন্দ লাভ কৰে। শাওন যদিও বোকাময় তথাপি কৃষকসকলে সেই বোকাতে সপোন ৰচে।বোকাৰ কেচেম কেচেম গোন্ধত ৰোৱণী আৰু হালোৱাৰ মাজত এক নিবিড় সম্পৰ্ক গঢ়ি উঠে। 

        শাওনৰ পথাৰত বগলীৰে ভৰি থাকে। কৃষকে যেতিয়া পথাৰত হাল বোৱাৰ পিছত মৈ মাৰে তেতিয়া পথাৰৰ পানীত থকা পুঠি, খলিহনাবোৰ বোকাৰে সৈতে ওপৰলৈ উঠি আহে আৰু সেইবোৰ খাবলৈ বগলী পথাৰলৈ আহে। কিন্তু আধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে বর্তমান সময়ত কৃষকসকলে খেতিপথাৰত খেতি কৰে,অত্যাধিক সাৰ প্রয়োগ,কীটনাশক দৰৱ ব্যৱহাৰে পথাৰত থকা মাছ পুঠিবোৰ বিলুপ্ত কৰাৰ লগে লগে বগলীৰ জাকো শাওনৰ পথাৰৰ পৰা লুপ্ত হৈ পৰিছে।

          শাওন মাহ পবিত্ৰ মাহ। শাওন মাহ ভোলানাথ বাবাৰ প্ৰিয় মাহ। শাস্ত্ৰত পোৱা অনুসৰি এই মাহত পাৰ্বতী দেৱীয়ে শিৱ-শংকৰক অতি পবিত্রতাৰে আৰাধনা কৰিছিল।মাতা পার্বতীক সন্মান জনোৱাৰ অৰ্থে শাওন মাহটোত তেওঁ সকলো ভক্তৰ মনোকামনা পূৰ্ণ কৰে। এই বিশ্বাস মৰ্মে শাওনৰ প্ৰতিটো সোমবাৰত শিৱ মন্দিৰবোৰত অগণন ভক্তই ভিৰ কৰা দেখা যায়। 

     এফালে শাওনৰ মন্দিৰবোৰত পবিত্রতা,সেউজীয়া পথাৰ,ৰূপোৱালী মাছৰ পানীৰ সৈতে ধেমালি, কৃষকৰ সপোন -আশা; আনফালে আকৌ কদর্যময় পৰিবেশত বানাক্ৰান্ত লোকৰ বিননি। তথাপি শাওন  মোৰ মনত ভাল-বেয়া, সুখ-দুখ, আশা- ভৰসাৰ এক সংমিশ্ৰিত প্ৰতিফলিত প্ৰতিচ্ছবি। 



নিবেদিতা পূজাৰী 

ঝাৰগাঁও ,বাক্সা 

ফোন নম্বৰ -9706542680