
মানুহ হিচাপে আমি কিমান কাম আৰু চিন্তাুউদ্বেকাৰী ভাৱনাৰ অনুৰনন ঘটাব পাৰিছো তাৰ খটিযান লোৱা লোক হয়তু হাতৰ আঙুলিৰ মূৰত লেখিব পৰা ধৰণৰ ৷ সমাজত এনে কোনো ক্ষেত্ৰ নাই য'ত কোনো বিষয়েই মতানৈক্যৰ উৰ্দ্ধত নহয় ৷ ভাৱৰ গভীৰতা,ভাষাশৈলীৰ প্ৰয়োগ আৰু চিন্তাৰ অভাৱে সমাজখন কোঙা কৰি পেলাইছে ৷ অশ্লীল ভাৱনাৰ বিষবাষ্পই প্ৰতিপাহ ফুল কলিতে মষিমূৰ কৰাৰ অৱকাশেই বহুসময়ত বহুজনৰ কুশল হস্বত্বৰ বলিষ্ঠ প্ৰকাশ ঘটাইছে ৷
এনে সময় মানে দুঃসময় সমাজতযে আজিহে আহিছে তেনে নহয় ৷ বৰ্তমান সমাজখন যিঠাইত উপনীত হৈছেহি সেই ঠাইলৈ আহোঁতে অতিক্ৰম কৰা ওখোৰা-মোখোৰা পথৰ অৱলোকন কৰিলে কিছু সপ্ৰতিভ মুখ আমাৰ চকুৰ সমুখলৈ আহিব ৷ আনন্দৰাম ঢেকিয়াল ফুকন তেনে এক বিশাল ব্যক্তিত্ব যাৰ জীৱনকালৰ আভাসে আমাৰ দুচকু সেমেকালেও তেওঁৰ কৰ্মৰাজি আৰু সামাজিক অৱদানৰ খটিয়ানে আমাৰ মুখলৈ এক উজ্জ্বল আভা কঢ়িয়াই আনে ৷ সেয়ে কোনো কোনো লেখকৰ লেখাত এইগৰাকী বৰেণ্য ব্যক্তিৰ উল্লেখ প্ৰায়ে থাকে যিয়ে নিজৰ দেশখনক আপ্ৰাণ ভালপায় ৷ নিজৰ জাতি-ভাষা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা কোনোকাৰণত তেওঁলোকে কম নকৰে ৷
লেখক আৰু পাঠকসমাজ - এটা মুদ্ৰাৰ দুটা পিঠি স্বৰূপ ৷ লেখকৰ বদান্যতা আৰু ভাৱ-ভাষাৰ মিশ্ৰণে একোজন লেখকৰ ব্যক্তিত্বৰাজিৰ গৰিষ্ঠসংখ্যক দিশেই পাঠকৰ সমুখলৈ লৈ আহে ৷ সু-লেখক হোৱা অত্যন্ত কঠিন ৷ মানুহৰ অন্তৰ স্পৰ্শ কৰা লেখনিসমূহ হ'ব লাগিব- বাস্তুৱমুখী ৷ আমি জনা,দেখা,বুজি উঠা কথাবোৰেই লেখক একোজনে কি প্ৰাসংগিকতাত সকলোৰে মন-মগজু চুই যোৱাকৈ লিখিব- সেয়াই হ'ল লেখক এগৰাকীৰ কৃতিত্ব ৷ লেখনিৰ মাজত আক্ৰমণ,প্ৰত্যাক্ৰমণৰ মৃদু ধ্বনি প্ৰতিধ্বনিত হ'লেও পাঠকৰ বাবে বুজাত অসুবিধা নহয় ৷ মোৰ অনুভৱ সকলোৰে সৈতে একাত্ম হোৱাৰ কোনো যুক্তি নাই ৷ তথাপি লেখক একোজন যেন তেওঁৰ অনুভৱ ব্যক্ত কৰাত যিমান সষ্টম- পাঠকজনে সেই অনুভৱবোৰৰৰ ৰসাস্বাদনত অধিক সজাগ ৷ কাৰণ পাঠকে লিখা নিৰ্বাচন কৰে ৷ পাঠকে পঢ়ে তেওঁৰ অন্তৰাত্মাক জুৰ পেলাব পৰা লেখা ৷
সামাজিক ,ৰাজনৈতিক অৰ্থনৈতিক,বুৰঞ্জী- বিভিন্নবিষয়ত একো একোজন লেখকৰ পাণ্ডিত্য ফুটি উঠিব পাৰে ৷ কিন্তু সেই সমগ্ৰ দিশসমূহ উদ্ভাসিত কৰিব পৰাকৈ লেখকজনৰ শৈলী হ'ব লাগিব অত্যন্ত আকৰ্ষণীয় ৷ ভাষাৰ ক্ষেত্ৰত লেখকৰ দক্ষতাই লেখাসমুহক অনন্যসুন্দৰ কৰি তোলে ৷ সমাজ-সংস্কৃতিৰ লগত মন মনন একাত্ম কৰি জন্মভূমিৰ প্ৰতি বিতশ্ৰদ্ধ হোৱা সহৃদয়বান, দায়িত্বশীল , সচেতন লোকসকলৰ ভাষিক চেতনাই সমাজৰ অনুসন্ধিৎসু মনবোৰক তেওঁলোকৰ সু-লেখনৰ জৰিয়তে চিন্তাৰ ন-ন খোৰাক যোগাবলৈ সক্ষম হয় ৷
পাঠক আৰু লেখক- দুয়োৰে বাবেই বিষয় নিৰ্বাচন এক গুৰু বিষয় ৷ বিষয় একোটা নিৰ্বাচন কৰাৰ পাছত সেই বিষয়ৰ আঁত ধৰি একোটা ইতিবাচক দিশ লেখনিৰ মাজেৰে প্ৰতিভাত কৰাৰ বাবে নিশ্চয়কৈ সকলো লেখকেই লেখাৰ মাজেৰে এক বাৰ্তা প্ৰেৰণ কৰে ৷ পাঠকৰ বাবে বিষয় নিৰ্বাচনটো এক কঠিন কাম ৷ লেখা এটি পঢ়ি, লেখাটোৰ সাৰমৰ্ম অনুধাৱন কৰি নিজৰ মাজতে সামৰি লোৱা- এইবিলাক ব্যক্তিগত দিশৰ ওপৰত আলোকপাত কৰাটো সমীচিন নহয় ৷ ব্যক্তিস্বাধীনতা এক অধিকাৰ ৷ ব্যক্তিস্বাধীনতা খৰ্ব কৰাটো আইনী দুখো ৷ এনে পৰিপ্ৰেক্ষিততেই মনলৈ আহে আত্মসন্মানৰ বিষয়টো ৷আত্মসন্মান লাঘৱ নোহোৱাকৈ সমাজত উঠা-বহা কৰিব পৰা লোকৰ ব্যক্তিত্ব আকৰ্ষণীয় ৷
আত্মসন্মানৰ ধাৰণা আহিলেই বীৰপূজাৰ প্ৰবৃত্তি কথাষাৰ প্ৰাসংগিক হৈ পৰে ৷ কৈশোৰকালৰ এক বিশেষ বৈশিষ্ট্য বীৰপূজা প্ৰবৃত্তি ৷ কোনো এজন বিশেষ ব্যক্তিক অনুকৰণ কৰাটো কৈশোৰকালৰ এক অত্যন্ত সুখ ৷ তেনে ব্যক্তিৰ সান্নিধ্য লাভৰ প্ৰৱণতাৰ বাবে নিজৰ মাজত সেই বিশেষ ব্যক্তিৰ বিশেষ বিশেষ গুণবোৰৰ সন্ধান কৰিবলৈ শিকা দিশবোৰে কৈশোৰসকলৰ মনত নিশ্চয়কৈ এক জাগৰণ সৃষ্টি কৰে ৷ বিভিন্ন সময়ৰ সামাজিক পৰিপেক্ষিতত সমাজৰ জলন্ত সমস্যাবোৰৰ লগত সহবাস কৰিবলৈ সাহস যোগায় তেনে বিশেষ ব্যক্তিৰ আদৰ্শই ৷ সামাজিক মাধ্যম বা বৈদ্যুতিন মাধ্যমত কৈশোৰসকলৰ মনোজগতত নেতিবাচক দিশৰ উন্মোচন হ'ব নোৱাৰা বিষয়ত বহু আলোচনা, সমালোচনাৰ জৰিয়তে বাৰ্তা প্ৰকাশ হৈ আহিছে ৷
কোনো এটা লেখাৰ বিষয়বস্তুৰ শিৰোনাম এক মনকৰিবলগীয়া দিশ ৷ শিৰোনাম আকৰ্ষণীও হ'ব লাগে ৷ অতি টান বিষয় এটিকো আকৰ্ষণীয় শিৰোনামে পাঠকৰ বহু কাষলৈ লৈ যাবলৈ সক্ষম হয় ৷ লেখা এটা লিখি উঠি মূল বিষয়ক ভু দি যাব পৰাকৈ এটি সুন্দৰ আকৰ্ষণীয় শিৰোনামেৰে লেখাটোৰ স্বকীয়তা ফুটাই তুলিব পৰাটোও এক কলা ৷ কলাক আমি লেখাতে হওঁক বা বক্তৃতাতেই হওঁক- কেতিয়াও এৰাই চলিব নোৱাৰো ৷
ভাৱ আৰু ভাষা-লেখাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই দুয়োটা দিশেই সৰ্বকালৰ, সৰ্বদেশৰ উৎকৃষ্টতম লেখাসমূহক সময়োপযোগী কৰি তুলিছে ৷ সমাজৰ প্ৰতিটো কাৰকেই আমাৰ ভাৱনাক জাগ্ৰত কৰে ৷ এনে দিশসমূহেই পৰিস্ফূট হয় লেখনিৰ মাজেৰে ৷
- ড° নৱমী গগৈ
সহকাৰী অধ্যাপক,গোলাঘাট বাণিজ্য মহাবিদ্যালয়

