মৌজাদাৰৰ ঘৰত উখল মাখল পৰিবেশ ,বিয়া হৈ  মানুহ নাইকীয়া ঘৰখনলৈ আহিবলৈ এৰা জীয়েক দুজনীও উচল পাচলকৈ  ঘৰ ওলাইছেহি |মৌজাদাৰিনীৰ আসন খন পূৰাবলৈ এগৰাকী বোলে ওলাল ,ওলাল মানে হাবিত চিকাৰ কৰিবলৈ যাওঁতে বাটতে মানুহৰো চিকাৰ কৰিলে বোলে মৌজাদাৰে |

ছোৱালীজনীৰ দেউতাকে অনুনয় বিনয় কৰিছিল ,মৌজাদাৰ দেউতা ,বৰ সৰু হৈ আছে ছোৱালীকন ,তাতে আকৌ আপোনাৰ সৈতে বয়সৰ বহু পাৰ্থক্য |আমি সৰু মুনিহ ,দয়া কৰি এৰি দিয়ক |


মৌজাদাৰে গৰজি উঠিল ,জুপুৰীৰ পৰা গৈ ৰাজৰাণী হ'ব তোৰ জীয়েৰ ,কিহৰ ইমান বাহাদুৰি দেখুৱাইছ ?মুঠতে মই সেইবোৰ নাজানো |তই জীয়ৰী বিদায় দিবলৈ সাজু হ |


মৌজাদাৰৰ তিনি নং ঘৈণী হ'বলৈ পদ্মাৰ একেবাৰেই ইচ্ছা নাছিল ,দেউতাকৰ হাতে ভৰিয়ে ধৰিছিল তাই |কিন্তু দেউতাকে চকু পানী টোপাল  এই সৰো এই সৰো ভাৱেৰে যেতিয়া হাত জোৰ কৰিলে তাইও আৰু একো উপায় নাছিল |


বুকুত এবোজা দুখ ,মনত হাজাৰ বিদ্ৰোহক সাৰথি কৰি পদ্মা মৌজাদাৰিনী হৈছিলগৈ |দেউতাকৰ বৃদ্ধ বয়সৰ সাৰথি হ'ব বুলিয়ে আনন্দত থকা জীয়েক দুজনীয়ে পদ্মাক দেখিয়েই মনটো মাৰি পেলাইছিল |দেউতাকৰ হৈ যেন সিহঁতেই অপৰাধবোধত ভূগিছিল |বয়সত সিঁহততকৈও সৰু ছোৱালীজনীৰ লগত বাৰু দেউতাকে ভীষণ অন্যায় কৰা নাইনে ?পিছে অহংকাৰী দেউতাকক বুজাই কোনে ?


কমল ,মৌজাদাৰৰ লাচনি পাচনি,  সৰুৰে পৰাই এইখন ঘৰতেই ডাঙৰ হৈছে |এতিয়া ডেকা হ'লহি |বৰ সুদৰ্শন যুৱক ,প্ৰথম দৰ্শনতে যিকোনো যুৱতীক প্ৰেমত পেলাব পৰা বিধৰ কমলেও যেন দ্বিধাবোধত ভূগিছে ন বোৱাৰী মৌজাদাৰিনীক দেখি |মৌজাদাৰিনী অহাৰ পৰাই ভিতৰৰ প্ৰায়ভাগ কামেই এৰাই চলিছে সি |নকৰিলে নহয় বাবেহে যেন কামবোৰ কৰি থাকে |মৌজাদাৰিনীও কম নহয় ,যিটোহে চাৱনি দিয়ে তালৈ ,ভৰিৰপৰা মূৰলৈকে এক অদ্ভুত শিহৰণ জাগি উঠে | কামবোৰত যেন সকলো খেলিমেলি হৈ যায় |

তাৰ কোঠালৈ লৰ ধৰে প্ৰায়ে সি |থকঁথককৈ কঁপি থাকে অজান আশংকাত |কিয় জানো তাৰ আজিকালি একোৱেই ভাল নলগা হৈছে |


তগৰ ,ৰঘূবীৰ গুৱালৰ জীয়েক ,মৌজাদাৰিনী নহাৰে পৰাই নদীৰ পাৰত ৰৈ থাকে কমললৈ |তগৰ ,ঠিক ফুলপাহৰ দৰেই শুভ্ৰ ,সতেজ আৰু সুকোমল |কমলে  সকলো সুখ দুখৰ কথাই যেন বিনাদ্বিধাই ক'ব পাৰে তগৰৰ আগত |নদীৰ পাৰতে দুয়ো সুখ দুখৰ লেখ কৰে |ভৱিষ্যত জীৱনৰ আঁচনি কৰে |দুয়ো একেখন চালিৰে তলত একেলগে সময় কটোৱাৰ সপোন দেখে |


প্ৰায়ে তগৰৰ কথাই ভাবি ভাবি আজিকালি কমল কোঠাৰ পালেঙখনতে পৰি থাকে |মৰমলগা মুখখনে তাৰ চকুৰ সন্মুখত অগাদেৱা কৰি থাকে |গৰমত থাকিব নোৱাৰি সি শুদা গাৰেই পৰি আছিল পালেঙখনত |হঠাতেই যেন এক শীতল স্পৰ্শৰ অনুভৱ কৰিলে তাৰ পিঠিত |উচপ খাই উঠি সন্মুখত যাক দেখিলে ,হয়তো ভূত দেখা হ'লেও ইমান ভয় নাখালেহেঁতেন |


-আইদেউ ,আপুনি মোৰ কোঠাত কি কৰিছে ?মৌজাদাৰ দেউতাই দেখিলে বৰ ডাঙৰ অঘটন হ'ব |


-তোমাৰনো ইমান ভয়নে মৌজাদাৰ দেউতালৈ ?ক'তা মইচোন ভয়েই নকৰো তোমাৰ মৌজাদাৰ দেউতালৈ |

সৰু ছোৱালীৰ দৰে খিলখিলাই হাঁহি উঠিল তাই |


-আপুনি যাওঁকগৈ আইদেউ |মই কাবৌ কৰিছো |বিপদ নচপাব |

-ৰ'বাহে ,মই আহিলো বোলো দুআষাৰমান কথাকে পাতো ,তুমিচোন ভয়তে পেঁপুৱা লাগিলা |মৰিশালিখনত আৰু কিমান অকলে থাকিম |তোমাৰ বেয়া নালাগেনে ?

-আইদেউ ,অভ্যাসেই হৈ গৈছে আৰু |আপুনি যাওঁকগৈ |

-ইমানকৈ কৈছা যেতিয়া যাওঁগৈ বাৰু |কিন্তু মই আকৌ আহিম |তোমাৰ সতে কথা পাতিবলৈ মোৰ বৰ মন গৈছে |


মন গ'লেই তেতিয়াৰেপৰা মৌজাদাৰিনী আহিবলৈ লৈছিল কমলৰ কোঠালৈ চেগ বুজি |হোৱাই নোহোৱাই কথা কিছুমান কৈ কমলক ব্যতিব্যস্ত কৰি তুলিছিল |ভয়তে পেঁপুৱা লগা কমলে কোঠাটোৰ এচুকত ৰৈ মৌজাদাৰিনীয়ে বকি থকা কথাবোৰ শুনাৰ ভাও ধৰিছিল |আচলতে সি একোৱেই শুনা নাছিল মাথো অভিনয়হে কৰিছিল শুনি থকাৰ |

যেতিয়াৰেপৰাই মৌজাদাৰিনী তাৰ কোঠালৈ আহিবলৈ লৈছিল ,সিও তগৰক ঘনাই লগ কৰিবলৈ যোৱা হৈছিল নদীৰ পাৰলৈ |অসংলগ্ন কথা কিছুমান কৈ কৈ তগৰক হাৰাশাস্তি কৰিছিল মাথো |বুজি বাজি নোপোৱা কথাবোৰ শুনি শুনি তগৰে মাথো আচৰিত ধৰণেৰে তালৈ চাই ৰৈছিল |তাইৰ কমলৰ যেন কিবা এটা হৈছিল |কোনোদিন নোকোৱা কিছুমান আচহুৱা কথা কোৱা শুনি ওলোটাই প্ৰশ্ন কৰিছিল তাই ,

-হৈছে কি তোমাৰ কমল ?সৰুৰেপৰা যিখন ঘৰত ডাঙৰ হৈছা ,সেইখন ঘৰ এৰি ক'লৈ যোৱাৰ কথা চিন্তা কৰিছা |


-মোৰ একো হোৱা নাই ,মাথো সাজু হৈ থাকিবা ,যিকোনো সময়তে আমি এই ঠাই এৰি যাবগৈ পাৰো |


সেইদিনা আবেলিলৈ আকৌ আহিছিল মৌজাদাৰিনী তাৰ কোঠালৈ |তাক জোৰ জবৰদস্তি কাষতে বহুৱাই লৈছিল |আপোনপাহৰা হৈ মাথো কৈছিল ,জানা কমল ,এইখন ঘৰলৈ অহাৰ আগতে মই এজনী ৰচকী পখিলা আছিলো |ইয়ালৈ আহি মৌজাদাৰিনী হ'লোহি |ভাল নালাগে মোৰ এই নাম ,মাতাচোন এবাৰ মোক নিজৰ নামেৰে ,মাতাচোন পদ্মা বুলি |ভয় কৰিছা কিয় ?মই কৈছো ,মই মৌজাদাৰিনীয়ে কৈছো যেতিয়া আদেশতো মানিবই লাগিব | 

খিলখিলাই হাঁহি উঠিল তাই |

কমলে শংকাৰে ইফালে সিফালে চালে  |কোন সময়ত বা কি অঘটন ঘটে কোনে জানে ?


তেনেতেই অঘটনতো ঘটি গৈছিল ,হাঁহি হাঁহি পাগলীৰ দৰে হৈ পৰা মৌজাদাৰিনীয়ে জপটিয়াই ধৰিছিল তাক |কাবৌ কোকালি কৰিও মৌজাদাৰিনীৰ আবেষ্টনীৰ পৰা ওলাব নোৱাৰা কমলে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল |দুয়ো আদিম বন্যাত উটি ভাঁহি গৈছিল | যেতিয়ালৈ হুঁচ আহিছিল দুয়োৰে ,বহুত পলম হৈ পৰিছিল সকলোবোৰ |কমলে হাত জোৰ কৰি কান্দি কাটি মাফ খুজিছিল মৌজাদাৰিনীৰ ভৰিত পৰি |মৌজাদাৰিনী একেবাৰে শান্ত হৈ পৰিছিল ,মুখেৰে একো নামাতি কেৱল হাতত ধৰি কমলক উঠাই দি কোঠাটোৰ পৰা লৰ মাৰি ওলাই গৈছিল |

কমল যেন একেবাৰেই জয় পৰি গৈছিল সিদিনাৰ পৰাই |নদীৰ পাৰলৈ পাগলৰ দৰে দৌৰিছিল তগৰক লগ পাবলৈ |তগৰৰ ভৰিত ধৰি এফালৰ পৰা সকলো গাই গৈছিল |সি যে জানি শুনি একো ভুল কৰা নাই ,তাই যাতে ভুল বুজি তাৰ কাষৰ পৰা আতৰি নাযায় কান্দি কান্দি অনুনয় বিনয় কৰিছিল |তাই তাক সামৰি লৈছিল ,দুখবোৰ নিজৰ কৰি লৈ তাক নিশ্চিন্তমনেৰে ঘৰলৈ পঠিয়াইছিল |


আজিকালি আৰু মৌজাদাৰিনীয়ে মন মাৰি নাথাকে |মৰিশালিত জীয়া মৰাশ হ'বলৈ আৰম্ভ কৰা পদ্মা লাহে লাহে জী উঠিছে |গুণগুণাই গুণগুণাই কামত মগ্ন হৈ থকা পদ্মাক দেখিলে মৌজাদাৰে স্বভাৱজাত বেকা হাঁহিটো মাৰি নিজকে কৈ উঠে ,মাইকীৰ জাত ,কিমানদিন ভেম ধৰি থাকিব ?ঠাচত বহিয়েই গৈছে এই |


কিন্তু কমলৰহে একো খাখবৰ নোহোৱা হ'ল |নাই বুলিয়েই হঠাতে কোঠাটোৰ পৰাই নোহোৱা হৈ পৰিল |পদ্মাই ঘুনুক ঘানাককৈ শুনা মতে ৰঘূবীৰ গুৱালৰ জীয়েকো হেনো একেদিনাৰে পৰাই নাই |মৌজাদাৰে বিচাৰ খোচাৰ বহু কৰিও কমলক নাপাই শেষত নিজৰ ওপৰতে খং উজাৰিলে ,টোকোনাৰ জাতক আচলতে লাই দিবয়ে নাপায় |নিজৰ জাত দেখুৱাইহে এৰে ইহঁতে |


মৌজাদাৰিনীৰ কিন্তু কমললৈ খং নুঠে |মনে মনে ভাৱে আউল নলগাকৈ দুয়ো সুখেৰে থাকক |

আজিকালি টেঙা খাবলৈ বৰকৈ মন যায় পদ্মাৰ |হোৱাই নোহোৱাই খালেই বমি আহে |কাষৰে ভোগেশ্বৰী বুঢ়ীয়ে মৌজাদাৰক কাণ চোৱায় ,হওঁক তেওঁ ,বুঢ়া বয়সত হ'লেও বংশ ৰক্ষা কৰিবলৈ কোনোবাজন ওলাব এতিয়া |মৌজাদাৰৰ গাত তত নাইকীয়া হয় |পদ্মাক মূৰতে থ'মনে মাটিতে থ'মনে কৰে |পদ্মাই সেইবোৰলৈ বৰকৈ কাণ মন নিদিয়ে |নিজৰ যতন লয় যিমান পাৰে |


মাজে মাজে মাথো মনতে বিৰবিৰায় ,ক'লৈ গ'লাগৈ তুমি কমল ?চোৱাহি আহা,তোমাৰ উপহাৰেৰে মই পোহৰময় হৈ পৰিছো |মোৰ পোহৰেৰে চৌদিশ উদ্ভাসিত হৈছে |নিজকে অপৰাধী নসজাবা |এইখন ঘৰলৈ অহাৰে  পৰাই মই তোমাৰ প্ৰেমত বাউলী হৈছিলো |চোৱাচোন তোমাৰে মোৰে নামো একেটাই |মোৰ বাবে তুমি এপাহি সতেজ পুষ্প ,তাৰে মাথো এটি পাহি মোৰ নামত ৰাখি থ'লো |

এয়া কমলে দি যোৱা পদ্মাৰ বাবে এক অজানা উপহাৰ |


জ্যোতিকা ৰাজখোৱা বৰা |