আমাৰ ত্ৰিদেৱৰ অন্যতম দেৱ হৈছে মহাদেৱ বা শিৱ ৷ শিৱক সাধাৰণত বিমূৰ্ত শিৱলিঙ্গৰ ৰূপত পূজা কৰা হয়। অন্য মূৰ্তিসমূহৰ মাজত ধ্যানমগ্ন অৱস্থাত বা মায়াসুৰৰ পিঠিত উঠি তাণ্ডৱ নৃত্যৰত অৱস্থাৰ মূৰ্তি (নটৰাজ মূৰ্তি) অধিক প্ৰচলিত। শিৱ দুই প্ৰধান হিন্দু দেৱতা গণেশ আৰু কাৰ্তিকৰ পিতৃ।
সসসংস্কৃতত শিৱ শব্দটো এটা বিশেষণ, যাৰ অৰ্থ "শুভ, দয়ালু আৰু মহৎ"। ব্যক্তিনাম হিচাপে এই শব্দটিৰ অৰ্থ "মঙ্গলময়"। ৰূঢ় ৰুদ্ৰ শব্দটিৰ পৰিৱৰ্তে অপেক্ষাকৃত কোমল নাম হিচাপে এই শব্দটি ব্যবহৃত হয়। বিশেষণ হিচাপে শিৱ শব্দটি কেৱলমাত্ৰ ৰুদ্ৰই নহয়, অন্যান্য বৈদিক দেৱদেৱীসকলৰ অভিধা ৰূপে ব্যৱহৃত হৈয়ো থাকে। ঋগ্বেদত ইন্দ্ৰৰ একাধিক স্থানত নিজৰ বৰ্ণনাত এই শব্দটো ব্যৱহাৰ কৰিছে।
সংস্কৃত শৈৱ শব্দটোৰ অৰ্থ "শিৱ সংক্ৰা্ন্তীয়"। এই শব্দটো হিন্দুধৰ্মৰ এটা অন্যতম প্ৰধান শাখাসম্প্ৰদায় আৰু সেই সম্প্ৰদায়ৰ মতাবলম্বীসকলৰ নাম হিচাপে ব্যৱহৃত হয়। শৈৱধৰ্মৰ কেইবাটাও প্ৰথা আৰু ধৰ্মবিশ্বাসৰ বিশেষণ ৰূপেই এই শব্দটো ব্যৱহৃত হৈ থাকে।
বিষ্ণু সহস্ৰনাম স্তোত্ৰত আদি শংকৰ বিষ্ণুৰ ২৭তম আৰু ৬০০তম নাম হিচাপে শিৱ শব্দটিৰ একাধিক অৰ্থ ব্যাখ্যা কৰিছে: "পবিত্ৰ ব্যক্তি", অথবা "যাৰ নাম উচ্চাৰণ মাত্ৰেই মানুহ পাপমুক্ত হয়"। স্বামী চিন্ময়ানন্দই তেখেতৰ বিষ্ণু সহস্ৰনাম অনুবাদত স্তৱকটোৰ ব্যাখ্যা আৰু প্ৰসাৰিত কৰি কৈছিল: শিৱ শব্দৰ অৰ্থ যিজন চিৰপবিত্ৰ বা যিজন ৰজ বা তমৰ দোষৰ দ্বাৰা স্পৰ্শিত নহয়।
শিৱৰ নাম সম্বলিত শিৱ সহস্ৰনাম স্তোত্ৰৰ অন্তত পাঠান্তৰ পোৱা যায়।মহাভাৰতৰ ত্ৰয়োদশ পৰ্ব অনুশাসনপৰ্ব-ৰ অন্তৰ্গত পাঠটো এই ধাৰাৰ মূলৰচনা হিচাপে বিবেচিত হয়। মহান্যাসত শিৱৰ এটা দশ সহস্ৰনাম স্তোত্ৰৰো সন্ধান পোৱা যায়। শতৰুদ্ৰীয় নামে পৰিচিত শ্ৰীৰুদ্ৰম্ চমকম্ স্তোত্ৰটোত শিৱক নানা নামেৰে বন্দনা কৰা হৈছে।
সংগ্ৰীহিত তথ্য-
অভি পাল, শিলচৰ