সাগৰ নীলা আকাশৰ তলতে 

হেজাৰ চকুৰ দীপ্ত চাৱনিতে 

তোৰ ঘৰ স্বাধীনতা 


আমি ধৰি থাকো  তোৰ আঁচল

এদিন সুৰ হৈ বুকুতে গজিবি

গান হৈ বতাহ কঁপাবি


সৌ দূৰণিৰ নীল আকাশত 

উৰি উৰি ঘূৰি ঘুৰি ছটিয়াম ভূমিলৈ

স্বাধীনতাৰ মুঠি মুঠি  বীজ


বীজবোৰ 

গছহৈ গজিব

ফলহৈ সৰিব


আকৌ এদিন 

বুৰঞ্জীৰ বুকু খান্দি উলিয়াই আনিম

শত শ্বহীদৰ তপ্ত তেজৰ অলেখ কাহিনী 


কাহিনীবোৰ 

বুকুৱে বুকুৱে বাগৰি নৈ হ'ব

আৰু এদিন সভ্যতাৰ দুৱাৰ খুলি 

সাগৰত বিজয়ী নিচান উৰুৱাব .......  

 

                    - মনালিছা শইকীয়া, বোকাখাত