১: গড়ৰ চোৰাং কাৰবাৰ বিষয়টোৰ ওপৰত ভিত্তি কৰি  নিৰ্মিত এখন জনপ্রিয় কথাছবি। এই কথাছবিখনে ২৭তম ৰাষ্ট্ৰীয় বঁটাৰ শ্ৰেষ্ঠ সন্মান লাভ কৰিছিল । এই কথাছবিখনত আৰতী মুখাৰ্জীৰ কন্ঠত  এটি জনপ্রিয় গীত দেখা পোৱা যায়। কথাছবিখনৰ নাম কি? 


উত্তৰ: অৰণ্য।  


২: জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ,জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা আৰু শব্দৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা... 

      এই বৈশিষ্ট্যসমূহ কোনজন কবিৰ কবিতাসমূহত দেখা যায়? 


উত্তৰ: ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা। 



৩: কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনিত আমেৰিকা আৱিষ্কাৰৰ কথা উল্লেখ কৰিছিল? 


উত্তৰ: আবুল ফজল। 



৪:অসমীয়া জাতীয় জীৱনৰ অন্যতম অংগ হ'ল বিহু। বিহুক বাদ দি অসমীয়া জাতীয় জীৱন মেৰুদণ্ডহীন হৈ ৰ'ব। 

    কালিকা পুৰাণত উল্লেখ থকা কোনগৰাকী অনাৰ্য দেৱীয়ে বিহু উৎসৱ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিল বুলি কোৱা হয়? 


উত্তৰ: কেঁচাই খাটি গোসানী।



৫: "যিটো জীৱন পৰীক্ষা কৰি চোৱা নহয়, সেইটো জীৱন যাপন কৰাৰ যোগ্য নহয়।" 

       কথাষাৰ কোনে কৈছিল? 


উত্তৰ: গ্ৰীক দাৰ্শনিক ছক্ৰেটিছ।



   সংগ্ৰাহক: দীপশিখা ডেকা।