মহাত্মা আজিও চাই আছা নে আমাক
তুমি দেখি আছে নে
স্বাধীন ভাৰতৰ স্বাধীনতা
বহু দশক পাৰ হৈ গ'ল,
দেশ স্বাধীন হোৱাৰ,
দেশ স্বাধীন হ'ল সচাঁ
কিন্তু মনবোৰ চোন আজিও
পৰাধীন হৈ ৰ'ল
এইখন তোমাৰ সেই তাহানিৰ
ভাৰত হৈ থকা নাই
সকলো চোন স্বাৰ্থপৰ হ'ল
আনৰ কথা ভাবিবলৈ
সময়ে বা ক'ত
যিখন দেশত সুৰক্ষিত নহয়
নিজৰেই বাই ভনী
কেনেকৈ কও বাৰু
সেইখন দেশ স্বাধীন হ'ল বুলি
সচাই কৈছো অ' বাপু
এইখন দেশ
তোমাৰ সেই দেশ হৈ থকা নাই
নিজৰ জীৱন উচৰ্গা কৰি
তুমি আমাৰ দেশ স্বাধীন কৰিলা
কিন্তু মানুহে জানো পাৰিলে
নিজৰ মনবোৰক স্বাধীন কৰিবলৈ
চাৰিওফালে কেৱল হত্যা, লুণ্ঠন, ধৰ্ষণ কাৰ্য
তুমি আকৌ এবাৰ আহা
তুমি নহলে সকলোৱে কেনেকৈ বুজিব
যে এইখন আমাৰ দেশ
এইখন আমাৰ দেশ।
-সুদীপ্ত দিপু দাস

