ম: মৃদুল অালি ( দেৰগাওঁ)


অন্ন ,বস্ত্ৰ অাৰু বাসস্থানৰ তাৰণাত মানুহে কৰ্ম কৰে ।অসমৰ পৰা যিসকল যুৱক যুৱতি বহি:ৰাজ্যত কৰ্মসংস্থাপনৰ বাবে যায় তেওলোকো এই প্ৰয়োজনৰ বাবেই সাত সাগৰ তেৰ নদি পাৰ হৈ কৰ্ম বিছাৰি অান ৰাজ্যলৈ ধাপলি মেলিব লগা হৈছিল । অবস্ব্যে কৰণা মহামাৰিৰ পৰিপেক্ষিতত নিজ নিজ ৰাজ্যলৈ বহি:ৰাজ্যত কৰ্মৰত যুবক যুৱতি সকলৰ  প্ৰত্যাবৰ্তন ঘটাত অসম চৰকাৰে তেওলোকক সংস্থপন দিয়াৰ উদ্দেশ্বে কিচুমান পৰিকল্পনা কৰাৰ কথা জানিব পাৰি ভাল লাগিছে ।ইয়াৰ ভিতৰত 'পথাৰো অামাৰ বজাৰোঅামাৰ' শিৰ্ষক কাৰ্য্যসুচিত অামাৰ যুৱক যুৱতি সকল জড়িত হোৱাটো সুব সুন্দৰ কথা । অবশ্ব্যে সফল হবলৈ হলে পৰিশ্ৰমৰ লগতে ধৰ্য্য, একাগ্ৰতা অাদিৰ প্ৰয়োজন থাকে । যিকোনো ব্যৱসায়ত লাভ লোকচান দুয়োতা থাকে  সেই লাভ লোকচান দুয়োটা ক্ষেত্ৰতে নিজক মানসিকভাবে প্ৰস্তুত কৰিব লাগিব । 

   

          ব্যৱসায় , পশুপালন অাদিৰ জড়িয়তে নিজক প্ৰতিস্থা কৰি অাহক অামি সকলোয়ে মিলি এখন অৰ্থনৈতিক ভাবে অাত্মনিৰ্ভৰশিল অসম গঢ়িব পাৰিম। অনিশ্ছা যদিও এটা কথা কব বিছাৰো যে যদিও প্ৰতিযোগিতামুলক ব্যৱসায়ৰ দিনতো কিচুমান ব্যৱসায়িয়ে কিচুমান বিশেষ ব্যৱসায়ত নিজৰ একচেতিয়া অধিকাৰ ৰক্ষা কৰিব বিছাৰে গতিকে  ব্যৱসায়িক ভাবে সফল হবলৈ হলে প্ৰতিযোগিতামুলক বজাৰ ব্যৱস্থাত অাহিব পৰা সকলো ধৰণৰ সম্ভাব্য প্ৰত্ব্যাহ্বান গ্ৰহন কৰি অাগবাঢ়ি যাব লাগিব ৷

   

   যদিহে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ অাগ্ৰহি  ছাত্ৰ ছাত্ৰীক কৃষিৰ উপকাৰিতা অাৰু স্বাবলম্বিতা , বিজ্ঞানসন্মত পশুপালন , অাদিৰ বিষয়ে শিক্ষা প্ৰদান কৰি সৰুৰ পৰা মানসিকভাবে 

স্বাবলম্বিতাৰ দিশত অাগবঢ়াই  নিব পাৰি  তেতিয়া উপযুক্ত সময়ত প্ৰয়োজন সাপেক্ষে জিৱন যুজত নিজক অবতিৰ্ন কৰিব পাৰিব। 


   প্ৰকৃততে কৰ্মৰ কিবা সৰু বা ডাঙৰ অাছে জানো ? সকলো কামতে কষ্ট মতে মজুৰি পোৱা যায় এই কথা অামাৰ নিবনুৱা সকলে দৃঢ়তাৰে মানি লব লাগিব অাৰু সকলো কৰ্মকে শ্ৰদ্ধা কৰি অাগবাঢ়িলে নিশ্চয় সফল হব । মাত্ৰ অামাৰ সমাজৰ এজাম মানুহৰ মানসিকতাৰ সলনি হোৱাৰ প্ৰয়োজন অাছে ।


    অামি অসমৰ যুৱক যুৱতি সকলে কপালৰ ঘাম মাটীত পেলাই যদি পথাৰ দখল কৰিব পাৰো তেনেহলে নিজ দক্ষতা অাৰু পৰিশ্ৰমৰ বলত বজাৰো দখল কৰি অাত্মনিৰ্ৰভশীল অসম গঢ় দি অসমীয়াগিৰি দেখোৱাৰ এয়া উপযুক্ত সময়।


   LOCKDOWN ৰ এই সময়চোৱাত যদি অামি যিকোনো ধৰণৰ অাবেগৰ বসবৰ্তি হৈ ব্যৱসায়ত অাগবাঢ়ো তেনেহলে কিন্তু সফলতা কণ্টকপূৰ্ন হব । গতিকে অাবেগতকৈ বিবেকক প্ৰাধান্য দি ব্যবসায়ত অাগবাঢ়িলে সফলতা সৰতকিয়া অাৰু কন্টকমুক্ত হব ।