
দেশে দেশে জুই জ্বলিছে।হিংসা-প্ৰতিহিংসাৰ জুই। সাম্প্ৰদায়িক সংঘৰ্ষ, ধৰ্ষণ, হত্যাকাণ্ড, নৈতিক অধ:পতনৰ ফলত পৃথিৱী খন অশান্ত হৈ পৰিছে। মূল্যবোধহীনতাৰ বাবে নৈতিকতা,সাত্বিকতা,আত্মিকতা, আধ্যাত্মিকতা গুণবোৰ ধৰাশায়ী হৈ পৰিছে।দয়া,প্ৰেম, ত্যাগ,মানৱীয়তাৰ আদি গুণবোৰ লাহে লাহে লুপ্ত হ'ব ধৰিছে। এনে অশান্তময় পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে নাৰী সমাজে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে।
নাৰী অনন্যা, নাৰীৰ মাজেৰে সাত্বিক শক্তিৰ আধাৰ হ'ল মাতৃ।জগতত মাতৃয়েই স্ত্ৰী শক্তিৰ সৰ্বোত্তম আদৰ্শ। এটা সন্তান জন্ম দিয়াৰ পৰা সু শিক্ষাৰে শিক্ষিত কৰি সৎ মানুহ হিচাপে পৰিচিত কৰালৈকে স্নেহ-প্ৰীতিৰে এটা পৰিয়ালক গতিশীলতা দিয়ে নাৰীয়ে।বেদে কৈছে যে য'তেই নাৰীক সন্মান আৰু উপযুক্ত স্থান প্ৰদান কৰা হয় তাতেই ভগৱানে ঐশ্বৰিক মহিমাৰে মহিমামণ্ডিত হৈ থাকে। নাৰীৰ ক্ষেত্ৰতহে সহনশীলতা আৰু ত্যাগৰ শক্তি পৰিলক্ষিত হয়।
বৰ্তমান সময়ত ভয়ানক ৰূপ ধৰা মানুহৰ আসুৰিক কাৰ্যসমূহ নিৰ্মূল কৰিবলৈ আধ্যাত্মিক চিন্তাৰ অভাৱ। আধ্যাত্মিকতাৰ অবিহনে শুদ্ধ মন আৰু সৎ চিন্তাৰ বিকাশ কৰিব নোৱাৰি, সেয়ে সন্তানৰ আধ্যাত্মিক ভেটি দৃঢ় কৰাত মাতৃসকলে গুৰুত্ব আৰোপ কৰিব পাৰে।এটা পৰিয়ালৰ নাৰী যিদৰে চালিকা শক্তি,সেইদৰে সমাজৰো চকা ঘূৰে নাৰীক কেন্দ্ৰ কৰিয়েই। যদি এগৰাকী মাতৃয়ে সৰুতেই শিশুৰ মনত নৈতিক জ্ঞান বিকশাই তুলিব পাৰে, মানৱীয় প্ৰমূল্যবোধ শিশুৰ মনত জগাই তুলিব পাৰে তেনে শিশু এটি কেতিয়াও ডাঙৰ হৈ অসৎ হোৱাৰ ভয় নাথাকে।
সন্তানৰ ভুল সংশোধন বহু পৰিমাণে মাতৃসকলেহে কৰিব পাৰে।সৰুতে শিশুৱে যি পৰিৱেশত ডাঙৰ হয়,সেই পৰিৱেশৰ পৰাই শিশু মনত জ্ঞানৰ বিকাশ হয়,সেয়ে শিশুক মাতৃ গৰাকীয়ে এটা সুস্থ পৰিৱেশ প্ৰদান কৰাত গুৰুত্ব দিব লাগে।
একোগৰাকী মহিয়সী নাৰীয়ে আত্মকেন্দ্ৰিকতাৰ চক্ৰবেহুৰ পৰা আঁতৰি ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি নি: স্বাৰ্থভাবে যদি সন্তানসকলক সুস্থ মানসিকতা গঢ়াত সহায় কৰে,তেনেহ'লে ভৱিষ্যতে সমাজৰ অৰাজকতা বহু পৰিমাণে নিৰ্মূল হ'ব বুলি ক'ব পাৰি।
পবিত্ৰতাৰ ব্ৰতেৰে ব্ৰতী হৈ শক্তিদায়িনী,মংগলময়ী নাৰীসকলে অন্ধকাৰ পথ আলোকিত কৰিলেই প্ৰতি ঘৰে -ঘৰে,দেশে-দেশে শান্তি বিৰাজ কৰিব। প্ৰতিগৰাকী নাৰীৰ চকুত, কৰ্মত যদি এনে চিন্তাই ঠাই লয় তেন্তে অসাধু সকলেও আত্মসংশোধন কৰিবলৈ যত্নপৰ হ'ব। শেষত এইটোকে ক'ব পাৰি যে,এখন সমাজ শৃংখলিত ৰূপত গঢ়ি তোলাত নাৰী শক্তি সহায় হওঁক। বিশ্বৰ ইতিহাসত মাতৃসকল সন্মানীয় হৈ জিলিকি ৰওঁক।
প্ৰণামী দত্ত, শিৱসাগৰ।

