শশাংক বৰগোহাঁই
সুখী বা দুখী কেৱল জানো আমি?
কেতিয়াবা প্ৰশ্ন কৰিছানে?
সেই সজাত বন্দী চৰাই জনীক
নাইবা
বাটৰ কাষৰ সেই অঘৰীজনক।
সজাত বন্দী সেই চৰাইজনীও
যেতিয়া মুকলি হব খুজিছিল
বাধা দিছিল মৌনতাৰ ওখ প্ৰাচীৰ খনে,
ঠেলি নিছিল কোনোবা দিশহীন পথত।
যেতিয়া ওলাব ধৰিছিল ৰঙচুৱা বেলিটি
সি কান্দিছিল,
মনত পৰিছিল তাৰ আপোন ঘৰখন ।
সীমাহীন আবেগত তাৰ চকুৰ পানীবোৰ
ৰুক্ষ হৈ পৰিছিল,
বিষাদৰ দস্তাবেজত পোত গৈছিল
তাৰ প্ৰতিটো পুৱা।
মৌনতাৰ অজস্ৰ কান্দোনত
লাহে লাহে হেৰুৱাব ধৰিছিল জীৱনৰ মোহ
আৰু ক্ৰমান্বয়ে.............
সি শুই পৰিছিল চিৰনিদ্ৰাত।

