অসমীয়া বছৰৰ চতুৰ্থ মাহটোৰ নাম হ'ল শাওন মাহ,কৃষিজীৱি সমাজৰ বাবে শাওন মাহ অত্যন্ত ব্যস্ততাপূৰ্ণ মাহ, এই মাহতেই শালিখেতিৰ কঠীয়া ৰোপন কৰা হয়, বৰ্ষা ঋতুৰ বাবে এই মাহত প্ৰচুৰ পৰিমাণে পানীৰো পয়োভৰ ঘটে, চলিত বৰ্ষতো অসম ৰাজ্যক তিনিটাকৈ বানে বুৰাই গৈছে তথাপি শ্ৰমজীৱি হালোৱা, হজুৱাই কঁকালত টঙালি মাৰি বছৰটোৰ খোৰাকী যোগাৰৰ বাবে উঠি- পৰি লাগিছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও এই শাওন মাহটোৰ বহু মান্যতা আছে, বিশেষকৈ শাক্ত পৰম্পৰাত বিশ্বাসী ধাৰ্মিক সকলে এই মাহটোক যথেষ্ট গুৰুত্ব দিয়া দেখা যায়, শাওন মাহক দেবাদিদেব মহাদেব শিৱৰ মাহ হিচাপে জনসমাজত জনা যায়, পুৰাণ, শাস্ত্ৰৰ মতে এই পূণ্য শাওন মাহতেই মহাদেৱ শিৱৰ আবিৰ্ভাৱ হৈছিল, লোক সমাজৰ বিশ্বাস মতে শাওন মাহ ঈশ্বৰৰ গুণানুকীৰ্তন তথা লীলাকথা শ্ৰৱণৰ মাহ, সেয়ে শাওনৰ আন এটা নাম "শ্ৰাৱণ"। এই শাওনে প্ৰদান কৰে শীতলতা, শাওন মাহৰ ভোলানাথ শিৱৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছে, শাওন মাহতেই সমুদ্র মন্থন হৈছিল,এই মাহতেই মহাদেবে হলাহল বিষ পান কৰি নীলকণ্ঠ হৈছিল,পুৰাণ,শাস্ত্ৰ আদিৰ মতে শাওন মাহৰ পৰা পালনকৰ্তা বিষ্ণু চাৰিমাহ কাল নিদ্ৰাৰত অৱস্থাত থাকে আৰু সংসাৰ পালনৰ ভাৰ মহাদেৱ শিৱৰ হাতত ন্যস্ত থাকে,এই পবিত্র শাওন মাহতেই ১০৮টা জন্মৰ পাছত দেবী পাৰ্বতীয়ে মহাদেৱক স্বামীৰূপে লাভ কৰিছিল,শাওন মাহতেই  মহাদেৱে পাৰ্বতী দেৱীক সৃষ্টিৰ ৰহস্য আৰু অমৰ কথা শুনাইছিল,এই বিষয়ে কিছু কথা আজিৰ এই লেখাত সন্নিবিষ্ট কৰা হৈছে। 


   সংসাৰৰ সৃষ্টি, স্থিতি আৰু প্ৰলয় বা সংহাৰৰ দ্বায়িত্ব ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ হাততেই ন্যস্ত থাকে আৰু সেই অনুসাৰেই ব্ৰহ্মা দেৱে সৃষ্টি, বিষ্ণুদেৱে স্থিতি আৰু ৰুদ্ৰ অৰ্থাৎ মহেশ্বৰ শিৱই সংহাৰ কৰে। দেবাদিদেৱ শিৱৰ লগত সনাতন ধৰ্ম আৰু শাক্ত পৰম্পৰাৰ বহুতো ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে, ভাৰতীয় সংস্কৃতি সত্য, শিৱ, সুন্দৰ নীতিৰ দ্বাৰা পৰিচালিত।শিৱ সনাতন, নিৰ্বিকাৰ, নিৰ্বিকল্প,নিত্যনিৰঞ্জন, স্বয়ম্ভূ,সত্য, সুন্দৰৰ প্ৰতীক। সৃষ্টিৰ পাতনিৰ গৰাকী হ'ল দেবাদিদেৱ মহাদেৱ শিৱ। শিৱ শব্দৰ অৰ্থ হ'ল শুভ, মহৎ, মংগল। শিৱৰ সহস্ৰ নাম আছে, তাৰে ভিতৰত কেইটামান হ'ল-কৈলাশপতি, গংগাধৰ, মহেশ্বৰ, বিভূতিভূষণ, ৰুদ্ৰ, ভোলানাথ, চন্দ্ৰশেখৰ, আশুতোষ, অনিকেত, শিৱ শংকৰ, নীলকণ্ঠ, হৰ ইত্যাদি। এই নামসমুহৰ একেটাকৈ তাৎপৰ্য আছে, যেনে- অলপ পূজা অৰ্চনাতেই সন্তুষ্ট হোৱাৰ বাবে তেওঁ আশুতোষ, সমুদ্র মন্থনত নিৰ্গত হলাহল বিহ পান কৰি কণ্ঠ নীলা হোৱাৰ বাবে নীলকণ্ঠ, ক্ৰোধত অগ্নিশৰ্মা হোৱাৰ বাবে ৰুদ্ৰ, কৈলাশত বাস কৰাৰ বাবে কৈলাশপতি, জঁটাত গংগাক ধাৰণ কৰাৰ বাবে গংগাধৰ ইত্যাদি। শিৱ আদি গুৰু, মহাযোগী, সৃষ্টিৰ প্ৰথম গুৰু শিৱই সংসাৰৰ জীয়াই থকাৰ সূত্র স্ৰজন কৰিছিল। সকলো দেবতাত কৈ পৃথক শিৱই জীৱক শান্তি, সমানতা, সহযোগ আদিৰ জ্ঞান দিছে। দেৱগুৰু বৃহস্পতি আৰু দৈত্যগুৰু শুক্ৰাচাৰ্যক সংস্কৃতিৰ জনক আখ্যা দিয়া হয়, কিন্তু এওঁলোকৰো গুৰু হ'ল মহাদেৱ শিৱ। ভাগবত, পুৰাণত উল্লেখিত সমুদ্ৰ মন্থনত দেবাসুৰে মিলি বাসুকী নাগ আৰু সুমেৰু পৰ্বতৰ সহায়ত সমুদ্র মন্থন কৰিছিল, সমুদ্র মন্থন প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ জীৱ-জন্তু, ধন-সোণ, হীৰা, মণি-মুকুতা, অমৃত আদি উৎপন্ন হৈছিল, কিন্তু এইবোৰৰ লগতে কালকূট নামৰ একপ্ৰকাৰৰ প্ৰলয়ংকাৰী বিষো নিৰ্গত হয়, যাৰ সৃষ্টি সংহাৰ কৰাৰ শক্তি আছিল, সংসাৰৰ স্থিতি বৰ্তাই ৰাখিবৰ বাবে এই বিষ নিবাৰণ কৰাৰ প্ৰয়োজন আছিল কিন্তু মহাদেৱৰ বাহিৰে সেই বিষ ধাৰণ কৰাৰ ক্ষমতা কাৰো নাছিল, দেৱতাৰ আহ্বান মৰ্মে মহাদেৱে কালকূট বা হলাহল বিষ পান কৰিছিল, সেই সময়তে দেবী পাৰ্বতীয়ে মহাদেৱৰ ডিঙিত চেপি ধৰাত বিষখিনি শিৱৰ পেটলৈ নগৈ ডিঙিতে থাকি যায়, বিষৰ ক্ৰিয়াত মহাদেৱৰ কণ্ঠটো নীলা হৈ পৰে, সেয়ে তেওঁক নীলকণ্ঠ নামেৰে জনা যায়। সমুদ্র মন্থনত ওলোৱা অমৃতক ভগবান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ মাজত বিলাই দিয়ে, অসুৰে তাৰ উমানেই নাপায় ফলত দেৱতাই অমৰত্ব লাভ কৰে, এই অন্যায়ৰ বিৰুদ্ধে ন্যায় বিচাৰি অসুৰসকল মহাদেৱৰ ওচৰলৈ যোৱাত সমভাবাপন্ন মহাদেবে দৈত্য গুৰু শুক্ৰাচাৰ্যক মৃতসঞ্জীৱনী মন্ত্ৰ প্ৰদান কৰে, এই মন্ত্ৰৰ যোগেদি মৃত্যুৰ পাচতো ব্যক্তিয়ে পুনৰজীৱন পাব পাৰে। 


শাওন মাহ আৰু মহাদেৱ শিৱৰ বিষয়ে কিঞ্চিত আলোচনা কৰাৰ পিচত এতিয়া ব'ল ব'ম সম্পৰ্কীয় বিশ্বাসৰ বিষয়ে কিছু আলোকপাতৰ প্ৰয়াস কৰিছো। ইতিমধ্যে আমি সমুদ্ৰ মন্থনৰ বিষয়ে আলোচনা কৰিছো আৰু আমি গম পাইছো যে হলাহল বিষ পান কৰি শিৱ নীলকণ্ঠ হৈ পৰিল, মহাদেৱ শিৱই এই প্ৰাণঘাতী বিষ পান কৰাৰ পাছত তেওঁৰ দেহত ইমানেই উত্তাপৰ সৃষ্টি হ'ল যে তেওঁৰ জ্বলন অনুভৱ হ'বলৈ ধৰিলে, তেওঁক শীতলতা প্ৰদান কৰিবৰ বাবে ইন্দ্ৰদেৱে প্ৰবল বৃষ্টিপাত কৰালে, অন্যান্য দেব-দেবীয়েও মহাদেৱক শীতলতা প্ৰদানৰ চেষ্টা কৰিলে, কিন্তু কোনো কামত নাহিল,অৱশেষত পবিত্র গংগা জলেৰে অভিষেক কৰাৰ পাচত মহাদেৱৰ শৰীৰ শীতল হ'ল আৰু তেওঁ পুনৰ আগৰ অৱস্থা প্ৰাপ্ত কৰিলে, সেই অনুসাৰে প্ৰত্যেক শাওন মাহতেই মহাদেৱক শীতলতা প্ৰদান কৰি সন্তুষ্ট কৰিবৰ বাবে বেলপত্ৰ, ধতুৰা, গাখীৰ, শীতল পানী আদিৰে মহাদেৱৰ বিমূৰ্ত প্ৰতীক স্বৰূপ শিৱলিংগত জলাভিষেক কৰা হয়, ভক্ত সকলে খালী ভৰিৰে বহু দূৰ-দূৰণিৰ পৰা শীতল পানী আনি নিজ মনোবাঞ্ছা পূৰণৰ অৰ্থে শিৱলিংগত জলাভিষেক কৰে, এই কাৰ্যকে ব'ল ব'ম বা ভোলে ব'ম আখ্যা দিয়া হয়, ব'ল ব'মৰ মূখ্য উদ্দেশ্য হৈছে মহাদেৱক শীতলতা প্ৰদানৰ জড়িয়তে সন্তুষ্ট কৰি ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰা, শাওন মাহৰ প্ৰত্যেক সোমবাৰে সধবা নাৰী আৰু কুমাৰী সকলে ব্ৰত পালন কৰে, সধবা অৰ্থাৎ বিবাহিতা স্ত্ৰী সকলে স্বামীৰ সুস্থতা আৰু দীৰ্ঘায়ু জীৱনৰ বাবে  ব্ৰত আৰু মহাদেৱৰ পূজা অৰ্চনা কৰে, কুমাৰীসকলে বাঞ্ছিত বৰ লাভৰ বাবে মহাদেৱক পূজা কৰে আৰু ব্ৰত কৰে, যিহেতু দেবী পাৰ্বতীয়ে ১৬ টা সোমবাৰৰ কঠোৰ ব্ৰতৰ অন্তত মহাদেৱক স্বামী ৰূপে লাভ কৰিছিল সেয়ে জনসমাজত এই ব্ৰত আৰু পূজাক এনেদৰেই আজিও মান্যতা প্ৰদান কৰা হয়,উত্তৰ ভাৰতৰ উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, ৰাজস্থান, পঞ্জাব আদি ঠাইত এই শাওন মাহতেই পবিত্ৰ "তীজ" উৎসৱ পতা হয়, এই উৎসৱতো বিবাহিতা আৰু কুমাৰী মহিলাসকলে পতি পৰমেশ্বৰৰ  সুমংগল আৰু দীৰ্ঘায়ু কামনা কৰি ব্ৰত, পূজা আদি কৰে, অসমত অৱশ্যে তীজ উৎসৱ উদযাপন কৰা নহয়, ভাৰতবৰ্ষৰ বাহিৰেও নেপাল, শ্ৰীলংকা আদিতো শিৱ পূজা কৰা হয়। মহাদেৱ শিৱক পূজাৰ দ্বাৰা সহজতেই সন্তুষ্ট কৰিব পাৰি, তেওঁৰ পূজনৰ বাবে কোনো কঠিন বিধি-বিধান বা মূল্যবান দ্ৰব্যৰ প্ৰয়োজন নাই, সাধাৰণ বেলপাত, ধতুৰাৰেই তেওঁ সন্তুষ্ট হয় লাগে মাত্ৰ ভক্তৰ অন্তৰৰ একাগ্ৰতা আৰু পবিত্ৰতা! সেয়ে তেওঁ ভোলানাথ, ভোলেব'ম! 


  ভগবান শিৱৰ লগত জড়িত ইমানখিনি কাহিনী, জনবিশ্বাসৰ পাছতো মহাদেৱ শিৱক ভঙুৱা, জধলা, কামুক,সংসাৰবিমুখ, কৰ্মবিমুখ ৰূপতো বহু বৈষ্ণৱ সাহিত্যত অংকিত কৰা হৈছে,বৈষ্ণৱ পৰম্পৰাত শিৱ উপাসনাৰ বিশেষ কোনো স্থান নাই। শিৱ কৃষি প্ৰধান সমাজৰো প্ৰতিনিধি কাৰণ তেওঁৰ প্ৰচেষ্টাতে সংসাৰত প্ৰথম কৃষি কাৰ্যৰ আৰম্ভণি হৈছিল আৰু এই কাৰ্যত তেওঁক অন্যান্য দেৱতাসকলেও সহায় কৰিছিল, কিন্তু শিৱই দেবী পাৰ্বতীক কৃষি কাৰ্য চাবলৈ যাব দিয়া নাছিল,কৌতুহলবশতঃ এই সময়তে দেবী পাৰ্বতীয়ে শিৱৰ কৃষি চাবলৈ যাওতে শস্যৰ পয়োভৰ দেখি দেবীৰ মুখৰ পৰা নিৰ্গত হোৱা উস্,আস্ শব্দৰ পৰাই উৎপত্তি হৈছিল খোবা-খুবী নামেৰে এহাল ভূত-ভূতুনীৰ, এওঁলোকে শিৱৰ খেতি জ্বলাই ভস্মীভূত কৰিছিল, বাচি যোৱা কিছু আধাপোৰা, পোৰা ধানৰ পৰাই বৰা, জহা আদি বিভিন্ন জাতৰ ধানৰ উৎপত্তি হৈছিল, সেই শিৱই বিষ্ণুৰ মোহিনী ৰূপত আকৃষ্ট হৈ কামাতুৰ হৈ পৰিছিল, শিৱ সৰ্বসাধাৰণৰ প্ৰতিনিধি, মানবীয় গুণৰ আকৰ,ক্ৰোধত ৰুদ্ৰ ৰূপী শিৱ আকৌ সাম্য সনাতনো! যদিও অন্য দেব-দেবতাৰ দৰে আ-অলংকাৰেৰে সুসজ্জিত নহৈ মহাদেবে জঁটা,চুলিত চিতা ভস্ম,দেহত বাঘৰ ছাল পৰিধান কৰে তথাপি ভক্তৰ  বাবে তেওঁ সদায় সত্য, সুন্দৰ!সেয়ে আজিও জনসমাজত শিৱ পৰম আৰাধ্য আৰু প্ৰিয় দেবতা হৈ আছে।


  ✍বিজয় লক্ষ্মী বৰা, দেৰগাঁও।