
মৰমৰ,
জোনাক..
নাজানো! কিহেৰে আৰম্ভ কৰোঁ মোৰ এই কথাবোৰ ।
ভাললগাৰে পোখা মেলি ক্ৰমান্বয়ে ভালপোৱা লৈ গতি কৰা মোৰ এই অনুভৱবোৰ যে অচিনাকি আছিল। জানা কৰ'বাত এদিন পঢ়িছিলোঁ ভালপোৱা কোনো নিজস্ব সৃষ্টি নহয়, বৰঞ্চ ই কোনো ভাললগা জনৰ প্ৰতি থকা মিঠা অনুভৱহে,বাৰু বাদ দিয়া সেইবোৰ।
চিনাকি বোৰো আমাৰ বৰ সুকীয়া আছিল নহয় জানো,যোৱা মাঘৰ বিহুৰ উৰুকাৰ দিনাই প্ৰথম দেখা হৈছিল আমাৰ, দুয়ো দুয়োৰে বাবে অচিনাকি আছিলো যদিও তোমাৰ হাঁহিমুখীয়া মুখ খনি, তোমাৰ কথাবোৰ ভাল লাগিব ধৰিছিল মোৰ। সময়ৰ সোঁতত তোমাৰ প্ৰতি এক অবুজ আন্তৰিকতাই বাহৰ পাতিলে মোৰ হৃদয়ত।তোমাৰ ব্যক্তিত্বই আকৰ্ষিত কৰিছিল মোক।মইনাপাৰিজাতৰ বাৰ্ষিক সভাখনিৰ দিনা অনাকাঙ্ক্ষিত ভাৱে আমি যে লগ পাইছিলো,দুয়ো আছিলো দুটি ভিন্ন দায়িত্বত, তুমি যে কামবোৰ বৰ নিয়াৰিকৈ কৰিব পাৰা।সকলোৰে মুখে মুখে তোমাৰ নাম শুনিছিলো। মোৰ এনে এটা দিন নগৈছিল যিদিনা হয়তো তোমাৰ কথা নভবাকৈ গৈছে।
গ্লবেলাইজেচনৰ যুগত মোৰ এই অনুভৱ বোৰ প্ৰকাশ কৰাৰ একমাত্র বাহক হৈ পৰিছে এই চিঠিখনেই, কাৰণ কোনো ধৰণৰ সম্পর্ক আমাৰ মাজত নাই,এইয়া মোৰ একপক্ষীয় প্ৰেমহে! আৰু মইয়োতো নাজানো কি বুলি ভাবা তুমি মোৰ বিষয়ে। সিদিনা যে ফেচবুকত প্ৰথম বন্ধুত্বৰ প্ৰস্তাৱটি দিছিলা, নামটো দেখিয়েই হাঁহি বিৰিঙিছিল মোৰ।
তোমাক নীলা চাৰ্টটোৰে বৰ ধুনীয়া দেখি, দিনটোত প্ৰায়েই দেখা হয় আমাৰ। তুমি যে এষাৰ মাত্র দি যোৱা মোক এই বিশেষ কথাবোৰৰ বাবেই মোৰ অনুভৱ হয় তুমি মোৰ হৃদয়ত হৈ পৰিছা বহু বিশেষ।
জানো মই বিছৰা সকলোবোৰ পাব লাগিব বুলিটো কথা নাই, হ'লেও মোৰ হৃদয় খনত থিতাপি লৈছা তুমি।
মোৰ স্মৃতিসিক্ত মণিকোঠাত প্ৰথম প্ৰেমৰ খিড়িকী খন খোলা ৰ'ব তোমাৰ বাবে।জোনাক, হয়তো তোমাৰ ব্যস্ততাৰে ভৰা জীৱনত এই চিঠিখনৰ শক্তি অতি নগন্য হ'ব।তথাপি হৃদয়ৰ তাগিদা অনুভৱ কৰিলে কিবা উত্তৰ দিবা বুলি আশা কৰিলোঁ।
ইতি
_____________________
✍️✍️পল্লৱী হাজৰিকা।
যোৰহাট