(১) 

নিৰ্বাচন আহিল ধাক ঢোল বাজিল, 

চাকৰিৰ সংখ্যা দুগুণে বাহিল, 

ইমান দিনে কিন্তু সকলো শুইয়ে আছিল। 

               (২) 

বানপানী আহিল 

মাঠাউৰী চিগিল,

পালিনেতাৰ পকেট ভাৰিল, 

জনতাৰ হাহাকাৰ, 

চৰকাৰক তিৰস্কাৰ। 

শেষ ভৰষা  এতিয়া নেদেখাজনৰ। 

                (৩) 

'কা' আহিল অসমত, 

সংবাদ মাধ্যমত পাতিলে অভিমত, 

জনতা জাগিছে, 

বাংলাদেশীক প্ৰেম কৰিব নালাগে। 

ভোতৰ অংকত  সকলো হয় মেনেজ। 

                  (৪) 

জাতিৰ হকে মাত মতা ৰখিয়া  আজি জেলত, 

শাসকীয়ৰ টোপনী হৰি সংগঠন নামিছে  ৰনত। 

ভয়ত ভজি  শাসকীয়ই ন-ন লৈছে আঁচনি,

 মুলকত আঁচনি হৈছে বাগিচা মানে ফুলনি। 

                (৫) 

ক'ৰনাই মাৰিছে  মৰনা

জনতাই ভাবিছে ভাওনা, 

মানুহ মৰিছে  হাজাৰজন , 

প্ৰকৃতি শান্তি মুক্তবিচৰন। 

বৰ্তমানলৈ ঔষধৰ নাই  ধাৰণা। 


✍ নৱকমল বৰুৱা

     শান্তিপূৰ(দেৰগাঁও)