২০২১ ৰ নিৰ্বাচন সমাগত ।বৰ্তমান অসমৰ চৌদিশে চলি আছে বিভিন্ন ধৰনে ৰাজনৈতিক চৰ্চা । ক'ৰবাত যদি চৰকাৰৰ বিৰুদ্ধে,ক'ৰবাত সপক্ষে । সামাজিক মাধ্যমৰ পৰা চাহমেললৈকে ব্যাপক চৰ্চা ৰাজনৈতিক বিষয়ত । 

ৰাজনীতিৰ পথাৰখনত সম্প্ৰতি বিভিন্ন দলক লৈ চৰ্চিত । ক্ষমতাত থকা বিজেপি-অগপ,বিৰুধী দল কংগ্ৰেছ-এ আই ইউ ডি এফ ৰ লগতে শেহতীয়াকৈ গঠন হোৱা অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গন মৰ্চালৈকে । তাৰোপৰি অসমৰ ৰাজনীতিত সম্প্ৰতি বহুল চৰ্চিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত ভূমিষ্ঠ হ'বলগীয়া নতুন ৰাজনৈতিক দলৰ প্ৰসংগই । চৰকাৰ-বিৰোধী আটাইৰে টোপনি হৰিছে এই প্ৰসংগই । কিয়নো সদৌ অসম ছাত্ৰ সন্থাৰ পৰিপক্কতা,বিচক্ষনতা অসমৰ ইতিহাসৰ আটাইতকৈ সু-উচ্চ । 

যদিও অৰাজনৈতিকভাৱে কাম-কাজ সম্পাদন কৰে তথাপিও ইয়াৰ কাৰ্যপন্থাই ৰাজনৈতিক দিশত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আহিছে । অসম আন্দোলনৰ জৰিয়তে আছুৰ পৰা জন্ম হোৱা দল,পৰৱৰ্তী সময়ত চৰকাৰ ইয়াৰ জীৱন্ত সাক্ষ্য । 

কিন্তু এনে বিচক্ষনতা-পৰিপক্কতাৰ পিছতো আছুয়ো সমালোচিত হৈ আহিছে বিভিন্ন সময়ত । কাৰণ তাহানিৰ পৰাই আজিকোপতি ৰাজনৈতিক দিশত স্থায়ীভাৱে বিশ্বাসযোগ্য নেতা প্ৰতিষ্ঠা হ'ব নোৱাৰাটোয়েই ইয়াৰ মূল কাৰণ । অৱশ্যে এই অপবাদ আছুৰ নেতৃত্বই স্বীকাৰ কৰি আহিছে আৰু তেনে হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক হিচাপে গন্য কৰিছে । 

এতিয়া আহিছো মূল বিষয়লৈ । ২০১৬ চনত কংগ্ৰেছৰ পৰ্বতসম দুৰ্নীতি,অনগ্ৰসৰ কৰি ৰখা অনেক অপবাদৰ ফলস্বৰূপে অসমৰ জনগনৰ আকাংক্ষিত 'পৰিৱৰ্তন' ৰ বাবে বিজেপিয়ে দিশপুৰ দখল কৰিলে । আছুৰেই প্ৰাক্তন নেতা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বহুজন প্ৰাক্তন আছুনেতা,জাতীয়তাবাদী নেতা আদিৰে সু-শোভিত পৰিষদে অসমবাসীক অলেখ সপোন দেখুৱালে । 'অসম চুক্তি'ক আখৰে আখৰে পালন কৰাৰ পৰা উন্নয়নমূলক অনেক আঁচনিকে ধৰি এনে বহুতো । অসমবাসীয়ে স্বতিৰ নিশ্বাস পেলালে । এওঁলোকৰ হাতত জাতিটো সুৰক্ষিত যেন অনুভৱ কৰিলে । 

লাহে লাহে পটৰ পৰিৱৰ্তন হ'ব ধৰিলে । কোৱা আৰু কৰাবোৰৰ মাজত আকাশ-পাতাল পাৰ্থক্য হ'ব ধৰিলে । বিদেশী খেদিম বুলি কোৱা দলটোৱে লক্ষ লক্ষ  বিদেশী সংস্থাপনৰ প্ৰস্তুতি কৰিলে । সমগ্ৰ অসমত হাহাকাৰময় পৰিস্থিতি । দল-সংগঠন-ৰাইজ নিৰ্বিশেষে সন্মিলিত প্ৰতিবাদত কঁপিব ধৰিলে সৰ্বত্ৰে । 'জাতীয় নায়ক' ক জাতিদ্ৰোহী আখ্যা । 'কেব' আহিল । আইনত পৰিনত হৈ 'কা' হ'ল । জাতীয় নায়ক নিমাত । অসমীয়া ৰাইজ আশাহত হ'ল । ইয়াৰোপৰি উন্নয়নমূলক অন্যান্য দিশতো একেই ফুপুলাস্বৰূপ । 

বিশ্বাসঘাটকতাৰ অসহনীয় বেদনাই জাতীয়তাবাদী অসমীয়াক অত্যন্ত দুখ দিলে । 

হঠাতে পৃথিৱী অসুখীয়া হ'ল । কৰ'না মহামাৰী সকলো তচনচ কৰি পেলালে । বৰ্তমানে পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত পুন: ৰাজনৈতিক দিশৰ বতাহ গৰম হ'ব ধৰিছে । বিৰোধীয়ে গাঁৱে-ভূঞে কুচকাৱাজ আৰম্ভ কৰিছে । তাৰ সমানুপাতিকভাৱে অজিত কুমাৰ ভূঞাৰ নেতৃত্বতো ৰাজনৈতিক যুঁজখন আগবঢ়াই নিয়া হৈছে । 

এতিয়া কথা হ'ল আমি কাক বিশ্বাস কৰিম । ইতিহাস সাক্ষী আছে,যাকেই খুউব বিশ্বাসত লৈ ৰাজপাটত বহিবলৈ দিয়া হৈছে সিয়েই বিশ্বাসঘাটক কৰিছে । প্ৰফুল্ল মহন্তৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে বিশ্বাসঘাটকৰ তালিকাখন যথেষ্ট দীঘলীয়া । 

কংগ্ৰেছ দল দুৰ্নীতিৰ চৰ্দাৰ-মুছলমান প্ৰেমী,এ.আই.ইউ.দি.এফ সাম্প্ৰদায়িক,অগপৰ নিজস্ৰতা নাইকিয়া,অজিত কুমাৰ ভূঞাই কংগ্ৰেছ-এ.আই.ইউ.ডি.এফৰ বুকুচাত উঠি ৰাজ্যসভাৰ সাংসদ হোৱা দিশৰ পৰা তেখেতৰ নেতৃত্বৰ আঞ্চলিকতাবাদী শক্তিয়ো সন্দেহজনক । তেন্তে আমি কাক বিশ্বাসত ল'ম !! কাক ভোট দিম !!

কাৰোবাক বিশ্বাসত ল'ব লাগিবয়ে । কাৰোবাৰ মুখলৈ চাই জাতিটো সুৰক্ষিত হোৱা অনুভৱ কৰিব লাগিবয়ে । 

আছুৰ নেতৃত্বৰ বক্তব্যৰ ফালৰ পৰা ভূমিষ্ঠ হ'বলগীয়া দলটো যথেষ্ট ব্যতিক্ৰমী হ'ব যেন অনুভৱ হয় । ৰাষ্ট্ৰীয়তাবাদী,সাম্প্ৰদায়িক শক্তিৰ অক্সিজেন লৈ জাতীয়তাবাদ থিয় নহয়..এনে স্পষ্ট-নিৰ্ভীক মতৰ জৰিয়তে শক্তিশালী আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰে অসমবাসী নিৰাপদ হ'ব যেন অনুভৱ হয় । 

আছুৰ দীৰ্ঘদিনীয়া অপবাদৰ পৰা মুক্ত কৰি আছু নেতৃত্বই কোৱাৰ দৰে লংকালৈ গৈ ৰাৱণ হোৱাৰ পৰিৱৰ্তে  'ৰাম' হিচাপে গন্য কৰি সকলোকে উদ্ধাৰ কৰিব বুলি আস্থাৰে আগবঢ়াই নিলে নিশ্চয়কৈ জাতীয়তাবাদ সুৰক্ষিত হ'ব ।

অন্যথা হয়তো চিৰদিনৰ বাবে জাতীয়তাবাদ থিয় হোৱাতো কঠিন হৈ পৰিব । সেয়েহে স্বাভিমানী প্ৰতিজন অসমীয়াই 'অসমীয়াত্ব' প্ৰতিষ্ঠাৰ যুঁজখনত বিবেকেৰে সু-নিশ্চিত ভৱিষ্যতৰ স্বাৰ্থত জাতীয়তাবাদৰ পৃষ্ঠপোষক বলিষ্ঠ ব্যক্তিত্বক আদৰণি জনাই অন্তত: অন্তিমবাৰলৈ বুলি হ'লেও কাম কৰাৰ সুবিধা দিয়াতো সময়োচিত আৰু সমীচিন যেন অনুভৱ হয় ।



            মৃদুষ্মন্ত বৰুৱা

      (ব্ৰহ্মপুত্ৰ,গোলাঘাট)

      ভ্ৰাম্যভাষ-7002833662