
✍️✍️ নবাৰ্ক জ্যোতি খাউণ্ড।
পটীয়াগাওঁ, যোৰহাট
বহুত দিনৰ মুৰত বজাৰখন ভাল হৈছিলহে লাগিলেই নহয় হুৱাদু্ৱা ৷ কাইলৈৰপৰা বোলে বজাৰ বন্ধ কৰিব লাগিব কিবা কৰ’না নে কি বেমাৰ এটা ওলাইছে ,বেমিৰটোত পৰি মানুহবোৰ জীয়াতু ভুগিছে ৷৷ কথাটো শুনি ৰাজে বৰ বেয়া নাপালে বহুতদিন কামৰ হেচাঁত সি ঘৰখনত সময়ো দিব পৰা নাই ৷ ৰাতিপুৱাই তামোল আৰু পান গাওঁবোৰৰ পৰা সংগ্ৰহ কৰি বজাৰলৈ লৈ আহে আৰু যি বিক্ৰী হয় তাৰেই তাৰ ৩জনীয়া সংসাৰখন জোৰা টাপলি মাৰি চলি যায় ৷৷ এতিয়া বন্ধ বুলি ক’লত তাৰ বৰ বেয়া নালাগিল এইটো সুযোগতে অন্ততঃ ঘৰত আৰামত কেইটামান দিন কটাব পাৰিব ৷৷ দোকান বন্ধ হোৱাৰ পাছদিনাখনৰপৰাই সি ঘৰতে শুই বহি দিনবোৰ পাৰ কৰিব ধৰিলে ,বহুতদিনৰ মুৰত ঘৰত থকা বাবে তাৰ মানুহজনীয়েও দিনে দিনে নানান ব্যঞ্জন ৰান্ধি তাক আপ্যায়িত কৰিবলৈ ধৰিলে ৷৷ এইদৰে এসপ্তাহ দুসপ্তাহ কে দিনবোৰ পাৰ হ’ল কিন্তু দোকান খোলাৰ নাম গোন্ধ নোলোৱাই হ’লচোন ৷৷ ঘৰৰ ৰেচনো কমি অহাত ৰাজে লাহে লাহে চকুৰে ধোৱা কোৱা দেখিবলৈ ধৰিলে ৷৷ ইফালে ভুতৰ ওপৰত দানহ পৰাদি কৰ’না নামৰ বেমাৰটো আহি আহি ৰাজ হতৰ অঞ্চলতো নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ ধৰিলে ৷৷ কৰনা হোৱা ৰোগী বোৰক চৰকাৰে হাস্পতাললৈ লৈ যোৱা দৃশ্যবোৰ সুলভ হৈ পৰিল ৷৷ ৰাজহঁতৰ ঘৰৰ ওচৰতো কৰনা ৰোগীৰ সংখ্যা বাহিবলৈ ধৰিলে ,কৰনাত আক্ৰান্ত ৰোগীবোৰৰ ঘৰবোৰতো বাহিৰৰ মানুহ সোমাব নোৱাৰাকৈ চৰকাৰে ব্যৱস্থা কৰিবলৈ ধৰিলে ৷৷ কৰনা ৰোগীক চৰকাৰে খোৱা বোৱা দিয়া কথাটো ৰাজৰো কানত পৰাত সি ভোকৰ পৰা পৰিত্ৰাণ পাবলৈ এক পৰিকল্পনা কৰিলে আৰু সুযোগৰ আপেক্ষাত ৰ’বলৈ ধৰিলে ৷৷ পাছদিনা ৰাতিপুৱাই ৰাজৰ কানত পৰিল ঘৰৰ ওচৰতে কৰ’না ৰোগী জন ধৰা পৰাৰ ,খবৰটো শুনি সি তাৰ পৰিকল্পনা বাস্তবায়িত কৰিবৰ বাবে ওচৰৰ মানুহ ঘৰলৈ ঢ়াপলি মেলিলে আৰু কভিডত আক্ৰান্ত হোৱা ব্যক্তিজনক গৈ পোনচাটেই গবা মাৰি ধৰিলেগৈ ৷৷ তাৰ পাছত সি ঘৰলৈ উভতি আহি তাৰ মৰমৰ মানুহজনী আৰু ল’ৰাটোক সাবটি ধৰিলেহি আৰু ঘৰৰ বাহিৰলৈ ওলাই আহি মই কভিড + বুলি নাচিবলৈ ধৰিলে ৷

