আপোন



সাগৰৰ পাৰত থিয় হৈ তাইৰ আকাশ নীলা ৰঙৰ চাৰ্ট আৰু শুধ বগা ৰঙৰ পেন্ট পিন্ধা অমৃতৰ ছবিখন চকুৰ আগত ভাঁহি উঠিল ৷হয়!এনে এটা সাজতেই তাই প্ৰথম অমৃতক লগ পাইছিল ৷

         জন্মৰেপৰা  পৃথিৱীৰ সকলো শুৱলা মাত শুনাৰপৰা বঞ্চিত আছিল তাই।এদিন কেইটামান পশুৰ হাতত সকলো হেৰুৱাই সংসাৰ সাগৰত দিশহাৰা হোৱা তাইক জীৱনৰ বাবে আকোঁৱালি ল’লে অমৃতে ৷

           অমৃতৰ হাতৰ স্পৰ্শত তাইৰ তন্ময়তা ভাগিল । অমৃত লৈ চালে তাই  ,.........

তাইৰ অমৃতক বিশাল আৰু গভীৰ সাগৰখনৰ দৰে লাগি গ’ল ৷


পিংকুল দত্ত

হেম নগৰ, দেৰগাঁও।