সম্পাদকীয় ...

আমি সভ্যতাৰ শিখৰত উঠিবলৈ সক্ষম হোৱা এজাক মানুহ ৷ সভ্যতাত আমি ডুব গৈ আছো বুলিও কথাষাৰ ক'ব পাৰি ৷ প্ৰাচীন কৃষিজীৱি সমাজখনে পাবলৈ সক্ষম নোহোৱা সভ্যতাৰ জুতি আজিৰ সমাজখনে পাইছে ৷ জুই আৰু চকাৰ আৱিষ্কাৰে মানৱ সমাজক বহু দূৰ আগুৱাই নিয়াই নহয় কৃষিজীৱি সমাজখনলৈ অভিজাত্যৰ গোন্ধ নথকা এক উল্লেখযোগ্য পৰিৱৰ্তনো আনিছিল ৷ কিন্তু সাধাৰণ মানুহৰ হাবিয়াস , সন্তুষ্টিক চেৰাই গৈ, সীমাহীন আশা-আকাংক্ষা আৰু সন্তুষ্টি, অপূৰ্ণ মনোভাবেৰে পৰিবেষ্টিত হৈ পৰিল ৷ কেউফালে বিলাস আৰু সম্পদ আহৰণৰ দয়া-মায়াহীন প্ৰতিযোগিতাত আৱদ্ধ হ'ল মানুহ মন-হৃদয়, পণপন্দী হ'ল প্ৰকৃতি ৷
কিন্তু বিগত কেইটিমান মাহ ধৰি যেন প্ৰকৃতি পণমুক্ত হ'ল ৷ মানুহৰ অতি বিলাসী জীৱন তথা পৃথিৱীৰ ওপৰত জাপি দিয়া অধিক হেঁচাৰ পৰা যেন পৃথিৱীক কোনেও ৰক্ষা কৰিব নোৱাৰে ৷ প্ৰকৃতিৰ পৰাই লৈছোঁ, প্ৰকৃতিক সাক্ষী উৎপাদন,বিতৰণ,উপভোগ কৰিছোঁ ৷ তাৰ বিপৰীতে প্ৰকৃতি ৰক্ষাৰ নামত মিছা আশা প্ৰকৃতিক দিছোঁ ৷ নিতান্তই লাজৰ বিষয় ৷ হায় মানৱ, হায় প্ৰকৃতি ৷ কিমান সহ্য কৰিব প্ৰকৃতিয়ে ... সহ্যৰো জানোঁ নাথাকে সীমা? অৱশেষত প্ৰকৃতিৰ যেন সহ্যৰ বান্ধ চিঙিল আৰু প্ৰকৃতিয়ে নিজেই নিজৰ ৰক্ষাৰ বাবে কৰুণাৰ দৰে মহামাৰীক আমন্ত্ৰণ জনালে ৷
কৰুণা... বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে কৰুণা মহামাৰীয়ে ৷ নিশ্চিতভাৱে কৰুণাৰ ফলত বহু লোকৰ মৃত্যু হ'ল, মৃত্যু যে কিমান কঠোৰ তাক প্ৰমাণ কৰিছে কৰুণাই ৷ স্বাৰ্থপৰ মানৱ যে সদায় প্ৰকৃতিৰ দাস তাকো প্ৰমাণ কৰি দেখুৱাইছে এই মহামাৰীয়ে ৷ বন্যপ্ৰাণীৰ ওপৰত বৰ্বৰতা দেখুৱা মানুহ আজি গৃহবন্দী অথত প্ৰকৃতি আজি মুক্ত ৷
বৰ্তমান প্ৰকৃতি বহু পৰিমাণে প্ৰদূষণমুক্ত ৷ বিবিধ চৰাই তথা জীৱ জন্তুৱে এক সুস্থিৰ জীৱন লাভ কৰিছে ৷ আগতকৈ বায়ু নিৰ্মল হৈছে ৷ মানুহে এই মহামাৰীৰ প্ৰভাৱৰ যোগেদি স্পষ্ট হোৱাটো জৰুৰী ভূগোলবিজ্ঞানে আগবঢ়োৱা "পাৰিৱেশিক নিৰ্ণয়বাদ" তত্বক আওকাণ কৰি "সম্ভাৱনাবাদৰ" সৃষ্টি কৰিবও পৰা কঠিন ৷
বিগত বৰ্ষৰ শেষৰ পৰা আজিলৈকে আমি বৰ অসুস্থ সময় এছোৱাত কটাই আছোঁ। এই সময়খিনিৰ বিভীষিকাত ত্ৰস্তমান আমিবোৰ।তথাপি সময়ৰ খোজত আমি আগবাঢ়িবই লাগিব আত্মতৃপ্তিৰ বাবেই হ'লেও কৰিব লাগিব সৃষ্টি।মনৰ অস্থিৰতা দূৰ কৰি কৰিব লাগিব প্ৰতিভাৰ বিকাশ। সেই উদ্দেশ্যেই সময়ৰ ধুমুহাত কেইটামান সংখ্যাৰ বিৰতি লৈ "শাওণ সংখ্যা"ৰ "উজ্জীৱন" ক আগবঢ়াবলৈ লৈছোঁ।
উজ্জীৱন ই আলোচনীৰ পঞ্চম সংখ্যা অসমৰ কা বিৰোধীতাৰে প্ৰকাশ কৰিব পৰা হোৱা নাছিল ৷ তাৰ পিছত এই কৰুণা মহামাৰীৰ ত্ৰাসৰ বাবে আমাৰ বাৰ্ষিক অধিৱেশনো স্থগিত ৰাখিব লগীয়া হৈছে ৷ যিহেতু কেউকেইটা হৈ যোৱা প্ৰতিযোগিতাৰ পুৰষ্কাৰ আমি বাৰ্ষিক অধিৱেশনত প্ৰদানৰ পক্ষে প্ৰতিশ্ৰুতিবদ্ধ গতিকে উচিত পৰিস্থিতিৰ সাপেক্ষে আমি বাৰ্ষিক অধিৱেশ অনুষ্ঠিতকৰণৰ কাম হাতত লম ৷
আলোচনীখনৰ বাবে বহু দেশৰ পৰা তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বহুতো লেখা আমাৰ হাতলৈ আহিছিল যদিও সকলোবোৰ লেখা প্ৰকাশ কৰাত অপৰাগ হ'লো তাৰোপৰি সাম্প্ৰতিক সময়ৰ কিছু জটিলতাত এই সংখ্যাত মাত্ৰ কেইটিমান ভাষাৰ লেখাহে প্ৰকাশ কৰা হৈছে ৷ তথাপিও সকলোৱে নিজৰ সৃষ্টিশীল প্ৰতিভা আমালৈ প্ৰেৰণ কৰি আমাৰ প্ৰচেষ্টাক সফল কৰাৰ বাবে আমি আপোনাসৱৰ ওচৰত কৃতজ্ঞ ৷
আলোচনীখন সম্পাদনাৰ ক্ষেত্ৰত আগবঢ়োৱা উজ্জীৱন ই আলোচনীৰ এই সংখ্যাৰ সম্পাদনা সমিতিকে প্ৰমুখ্য কৰি প্ৰতিজন শুভাকাংক্ষীলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷
সদৌ শেষত, আলোচনীখন প্ৰকাশত অজানিতে ৰৈ যোৱা ভুল-ক্ৰুটিসমূহৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি মোৰ সম্পাদকীয় পৃষ্ঠাৰ ইমানতে সামৰণি মাৰিলোঁ ৷ আশা ৰাখিছোঁ আলোচনীখনৰ এই সংখ্যা সকলোৱে আদৰি ল'ৱ ৷
- সেৱাৰে
দিব্যজ্যোতি ৰাজখোৱা
মুখ্য সম্পাদক