
শাওন, ধাৰাষাৰ বৃষ্টিৰ এক অবিৰত ধাৰা। খৰালিৰ বালিময় উদং বুকুৰ পৰিবৰ্তে ফেনে-ফুটুকাৰে বাঢ়ি অহা নদ-নদী সমূহৰ এক সাগৰ সদৃশ ৰূপ। যেন নদী সমূহৰ মাজত এক অঘোষিত প্ৰতিযোগিতা ! জাক জাক জাকৈয়া ছোৱালীৰ ভৰিৰ দপ্-দপ্ নি, কোলাহলত খৰালি নিমাও-মাও হৈ থকা পথাৰ, পিতনিবোৰে প্ৰাণ পাই উঠে শাওনত। তাৰোপৰি ভক্তি, বিশ্বাস, সপোন, আশা এই আটাইবোৰ সামৰি মানুহৰ মনত আধ্যাত্মিকতা আৰু কৰ্মস্পৃহা জাগ্ৰত কৰি তোলা এটি মাহ শাওন।
ইয়াত ভক্তি আৰু বিশ্বাসৰ কথা এইবাবেই কোৱা হৈছে যে, হিন্দু ধৰ্মীয় লোকসকলৰ বাবে শাওন মাহটো এক পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। কোৱা হয় এই মাহতে হিন্দু সকলৰ আৰাধ্য দেৱতা দেৱাদিদেৱ মহাদেৱ শিৱৰ জন্ম । আৰু এই শাওন মাহতেই মহাদেৱ জাগ্ৰত হয় বুলি জনবিশ্বাস আছে। সেইবাবে শাওন মাহত শিৱভক্ত সকলে নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে, পৰিয়ালৰ লগতে দহৰ মংগলাৰ্থে শিৱক আৰাধনা কৰে। পবিত্ৰ জলধাৰাৰ পৰা পানী আনি সেই পানী শিৱৰ লিংগত ঢালি শিৱক তুষ্ট কৰে । লোকবিশ্বাস অনুসৰি সকলো দেৱতাৰ ভিতৰত শিৱক তুষ্ট কৰাটো সকলোতকৈ সহজ অৰ্থাৎ অতি সহজতে ভগৱান শিৱক সন্তুষ্ট কৰিব পাৰি , যাৰ বাবে তেওঁক "আশুতোষ" আৰু "ভোলানাথ" নামেৰেও জনা যায় । শাওন মাহৰ প্ৰত্যেক সোমবাৰে ভক্তসকলে পবিত্ৰ জল লৈ 'বল বম' অৰ্থাৎ শিৱৰ নাম লোৱা ধ্বনিৰে শিৱ লিংগত সেই জল অৰ্পণ কৰিবৰ বাবে যাত্রা কৰে, যাক বল বম যাত্রা বুলি কোৱা হয়। শিৱৰ প্ৰতি এনে ভক্তিয়ে ভক্তসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ মনত বিশ্বাস জন্মে যে, সকলো ধৰণৰ অপায়-অমংগল, বিপদ-আপদৰ পৰা ইষ্টদেৱতাই তেওঁলোকক ৰক্ষা কৰিব আৰু শুদ্ধ চিত্তে শুদ্ধ পথেৰে আগুৱাই নিব।
এইবাৰ আহিছো সপোন আৰু আশা । শাওন মাহতনো আমি কেনেধৰণৰ সপোন ৰচো,কি আশা কৰো! বিশেষকৈ কৃষিপ্ৰধান ৰাজ্য অসমত কৃষকে শাওনত সপোন ৰচে আৰু সেই সপোনে বাস্তৱ ৰূপ পাই আঘোণত। ৰ'দ-বৰষূণ একাকাৰ কৰি কপালৰ ঘাম মাটিত পেলাই, পথাৰৰ বোকা মাটিৰ সুবাস লৈ হালৰ গৰুহালক সাৰথি কৰি নাঙলৰ সিৰলুত আঘোণৰ সপোনবোৰৰ মালা গাঁঠে শাওণত ৷ কৃষকৰ বছৰযোৰা আশা-আকাংখ্যা, সপোনবোৰৰ পাতনি মেলে শাওণতেই ৷ কাউৰীয়ে কা নোবোলোতেই গৰুহাল লৈ পথাৰলৈ যোৱা ,জোক,মহ ডাঁহ,চেৰেপালৈ কেৰেপ্ নকৰি দল-এৰালিৰে ঠাহ খাই থকা মাটিডৰাত দপ্ দপাই থকা, পথাৰৰ মাজৰ সৰু টিলাটোত বহি আইয়ে যতনাই দিয়া কঁঠাল গুটি, পোৰা মাছৰ পিতিকাৰে সৈতে পইতা ভাতৰ জুটিকণ কেৱল শাওণতহে পোৱা যায় ৷ এতিয়াও মনত পৰে ৷ তাহানিতে যদিও দেউতাই হাল বাবলৈ দিয়া নাছিল তথাপি প্ৰত্যেক দিনে হালোৱা ৰোৱনীক জলপাণ দিবলৈ যোৱা, বোকা মাটিত কঁঠিয়া বুলাই দিয়া এনেধৰণৰ লঘু দায়িত্ববোৰ মোৰ আৰু ভাইটিৰ ভাগত পৰিছিল ৷ পথাৰত মৈ দিয়া দিনা মৈৰ পাছে পাছে ঘূৰি কমাই থকা পুঠি, ভেচেলী, দৰিকণা মাছবোৰ বুটলা সময়বোৰৰ আমেজেই সুকীয়া আৰু তেনেদৰেই খেতিৰ শেষলৈ মন কৰিছিলো হাত-ভৰিৰ নখ বোৰত জেতুকা বোলোৱাৰ দৰে ৰং ধৰিছিল ৷
কিন্তু সময়ৰ লগে লগে যেন শাওণে ৰূপ সালালে ৷ তাহানিৰ সহজ-সৰল মানুহবোৰৰ মনবোৰত আধুনীকতাৰ চাপ পৰিল ৷ ককা-আইতাৰ দিনত ৰীতি-নীতি বুলি মানি অহা কথাবোৰ আজিৰ দিনক এচামে আউটডেটেড(পুৰণিকলীয়া) বুলি জ্ঞান কৰিবলৈ ল'লে ৷ যাৰ ফলত ব'লব'ম যাত্ৰাত খোল,মৃদং,শংখ,ডবা-কাঁহৰ সলনি ডি.জে.ই স্থান পালে ৷ ব'লব'ম যাত্ৰা একাংশৰ বাবে ( সকলোৰে বাবে নহয়) আনন্দোৎসৱলৈ পৰিণত হ'ল ৷ অতীতত একচিত্তে শিৱৰ নাম লৈ ভক্তিভাৱ নিহিত হৈ থকা বলবম যাত্ৰা সংস্কৃতিত অপসংস্কৃতিয়ে গোজ ল'লে ৷
ঠিক তেনেদৰে কৃষিৰ ক্ষেত্ৰটো সময়ৰ লগে লগে আমোল পৰিৱৰ্তন ঘটিল ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অাগ্ৰাসনে আজিৰ প্ৰজন্মক এলেহুৱা কৰি পেলালে ৷
"অ' চিত পখিলা
তিনি মূৰ দহ ঠেং ক'ত দেখিলা? "
তাহানিতে ককা-আইতাৰ মুখত শুনা সাঁথৰটো আজিকালি দুৰ্লভ হৈ পৰিল ৷ গৰু ম'হৰ হাল পথাৰত দেখিবলৈ নোহোৱা হ'ল ৷ তাৰ ঠাই ল'লে ট্ৰেক্টৰে ৷ কষ্টকৰ কাম কৰাৰ এলাহত নিজৰ ৰুপিত মাটি বন্ধকত দি গাঁৱৰ ডেকাহঁত বনিয়াৰ অধীনত গোলামী কৰিবলৈ বহিঃৰাজ্যলৈ গুচি গ'ল ৷ হাঁউৰী, নাঙলধোৱা পিঠা আদি শব্দবোৰ লাহে লাহে হেৰাই যাবলৈ ধৰিছে ৷
গতিকে অনাগত সময়েহে ক'ব শাওণৰ সেই বিশ্বাস, সপেনবোৰে মানুহৰ মনত কেনেধৰণৰ ৰেখাপাত কৰিব !
- পংকজ বৰা
গুৱাহাটি

