পথে পথে আমাৰ পৰিচয়

এসাজ ভাতৰ বাবে আমি বিয়াকুল,

বিচাৰোঁ সহায় কিন্তু চৌপাশে 

মানৱৰ ঠাইত কেৱল দানৱ ।


ভাগৰুৱা দেহ লৈ শুই পৰোঁ

অসমী আইৰ দুবাহুত মূৰ থৈ 

ফুটপাথতৰ কোনোৱা এচুকত

মাথোঁ জীয়াই থকাৰ ক্ষণ গণি।


কাৰোবাৰ দুচকুত খাবলৈ নোপোৱাৰ দুখ ,

আৰু কাৰোবাৰ পোৱাৰ আশা

এয়াই আমাৰ জীৱন।


আমাৰ নাই ঘৰ,

আমাৰ নাই ঈশ্বৰ ,

আমাৰ নাই ক’তো আদৰ,

আমাৰ জীৱনটো যাযাবৰ।



দানৱ বোৰে চাই হাঁহে সৌ চোৱা

হাড়ত চাল লগা শুকান শৰীৰ 

লেতেৰা দেহা এক দৰিদ্ৰতাৰ

প্ৰতিমূৰ্তি ।

আমাৰ ঠিকনাবিহীন বাসস্থান

ফুটপাথ 


পেটত ভোক লৈ 

বিচাৰোঁ এমুঠি আহাৰ,

জোলোঙাত নাপাওঁ একো

লঘোণে কটাওঁ কেইবাটাও ৰাতি,

ভোক তেজ বিহীন আমাৰ

কাংকাল দেহা আমিয়েই দৰিদ্ৰতা।


আৰ্জু আহমেদ

নলবাৰী-ঘগ্ৰাপাৰ