
------------------------------------------------- হীৰকজ্যোতি বৰা,গোলাঘাট
বৰষুণ মোৰ বাবে প্ৰিয় নাছিল
নাছিল মোৰ বাবে এটি কবিতাৰ প্ৰিয় - পংত্তি
বৰষুণ মানেই আছিল
তিক্ত অভিজ্ঞতাৰ বেস্বাদ বিৰম্বনা |
বৰষুণ মোৰ বাবে প্ৰিয় নাছিল
নাছিল কোনো কবিতাৰ প্ৰিয় পংত্তি |
উৰুখা চালৰ তলত বিছনাত ছাতি ধৰি
ৰাতি কটাই পাইছো,
মেট্ৰিকৰ দেওঁনা নেদেখা কাল |
বৰষুণ মোৰ বাবে প্ৰিয় নাছিল |
ক'ব পাৰা মোক নিচ, হীন , অবিবেছক স্বাৰ্থপৰ বুলি |
আক্ষেপ নকৰোঁ কোনো দিন |
ফুটা টিনৰ চালেৰে অনুপ্ৰবেশ কৰা
অবৈধ বৰ্ষাক মই কৈশোৰৰ পৰাই বেয়া পাওঁ
মোৰ স্বাভিমানক থকা - সৰকা কৰি
জুৰুলা কৰিছে
এবাৰ , দুবাৰ বহু বাৰ |
আনকি
যৌৱনৰ দুৱাৰ দলিতো বহুবাৰ তিতিছোঁ
অবৈধ বৰষুণত
কেতিয়াবা কলেজৰ তিনি আলিত,
কেতিয়াবা কৰ্তব্যৰ তাগিদাত
বহু বাৰ তিতি তিতি যুঁজ দিছোঁ মই |
পুহ মাহৰ থক্ থক্ জাৰতো
পুৱাৰ পৰা সন্ধিয়ালৈ বৰষুণত তিতি
পাঁচ বছৰ দিন চলাই দিলোঁ
জীৱন যুদ্ধ |
মোৰ বাবে বৰষুণ মানেই নহয় এটা ভাল লগা কবিতাৰ প্ৰিয় পংত্তি |
দুখৰ ৰাতিৰ এটি হিয়া ভঙা ৰাগী
বৰষুণ উৰুখা পঁজাৰ এটি আতংকৰ নাম |
বৰষুণ মোৰ প্ৰিয় নাছিল
নাছিল এটি ভাল লগা কবিতাৰ প্ৰিয় পংত্তি
তথাপি
লাহে লাহে আত্মিয়তা গঢ়ি উঠিছে
মোৰ আজন্ম শৈশৱৰ সহচৰ বৰষুণ সৈতে
এৰাব নোৱাৰাকৈ প্ৰেমিক হৈছোঁ এতিয়া |
বৃষ্টিয়ে যে যোদ্ধাৰ দৰে সৃষ্টি কৰিছে এতিয়া
সেই তেতিয়াৰ ভয়াতুৰ মইটোক |
সেয়ে হয়তো পিতাইৰ পথাৰৰ সেউজীয়াত
এতিয়া বৰষুণৰ প্ৰেমিক হৈ আকৌ গজি উঠিছোঁ |
বৰষুণ মোৰ প্ৰিয় নাছিল
আছলতে দুখৰ দিনত সংগ দিয়া
প্ৰেয়সী আছিল |