লক্ষী বৰুৱা।

★বে:
বেঙুনীয়া ৰঙৰ পাটৰ কাপোৰযোৰে ৰাগিনীক তুলি ধৰিছে আজি। গোটেই ঘৰখনতেই উথপ-থপ পৰিৱেশ। কিয়নো ঘৰৰ একমাত্ৰ ছোৱালীজনীৰ আজি জোৰোণ পৰ্ব। পাবহিয়েই অলপতে দৰাঘৰৰ মানুহ। নতুন আবেগবোৰে ভিৰ কৰিছে তাইৰ মনত। সৌৱা দূৰৈত মাক-দেউতাক, হাতত শৰাই লৈ জোৰোণ আদৰিবলৈ সাজু হৈ আছে। জীয়েকৰ বাবে উপযুক্ত জোঁৱাই পাই সুখী তাইৰ মাক-দেউতাক। তাৰ মাজতো মাকৰ মনত অকণমান সংশয়। নহ'বনো কিয়, হ'বলগীয়া জোঁৱায়েক যে সীমান্তৰ প্ৰহৰী। আদেশ পালেই নিজৰ জীৱন তুচ্ছ কৰি দেশৰ বাবে প্ৰাণ দিবলৈ সাজু থাকিব লাগিব। তথাপিও মাতৃৰ মন। জাৰি-জোকাৰি জীয়েকৰ সুখত সুখ বিচাৰি ল'ব পৰাকৈ পৰিপক্ক তেওঁ। ওলাই অহা কান্দোনটো জোৰেৰে চেপি হ'বলগীয়া মিতিৰক আগবঢ়াই আনে মনোৰমাই।
★গা:
গাত মেৰিয়াই লোৱা বগাত গুণা লগোৱা পাটৰ সাজযোৰত জীয়েকক দেখি কঁপি উঠে সোনবৰ কলিতা। কোলাই-বোকোচাই জপিয়াই ফুৰা ছোৱালীজনীয়ে আজিৰ পৰা তেওঁৰ ঘৰখন উকা কৰি অন্য এখন ঘৰ পোহৰ কৰিবগৈ। পাৰিনে সহিব। কেনেকৈ বিদায় দিয়ে তেওঁ কলিজাৰ টুকুৰাটোক। সজোৰে কান্দি উঠে তেওঁ। দেউতাকৰ ডিঙিত ধৰি ৰাউচি জুৰি কান্দে তাই। বাপেক-জীয়েকৰ কান্দোন সহিব নোৱাৰি অচেতন হৈ পৰা মাকক কোনোবাই ডাংকোলা কৰি ভিতৰলৈ লৈ যায়।
: দেউতা, আপোনাৰ ছোৱালীক কোনো দিন দুখত নাৰাখোঁ। আপুনি আৱৰি ৰখোৱাৰ দৰেই মই তাইৰ ছাঁ হৈ ৰম প্ৰতিপল।
চকুৰ ভাষা বুজি পোৱা সোনবৰ কলিতাৰ হৃদয়খন অকণমান শাঁত পৰে। দেউতাকৰ কণমানি জনী আজি বৰ এজনী হৈ ফুলেৰে সজ্জিত গাড়ীত উঠি পলকতে তেওঁৰ চকুৰ আঁৰ হৈ পৰে।
★নী:
নীৰে পলক নেপেলোৱাকৈ চাই ৰয় ৰাগিনীক। এইমাত্ৰ মূৰ ধুই আহিছে তাই। মেলি থোৱা চুলিৰ পৰা টুপটুপকৈ সৰিছে পানীবোৰ। বিয়াৰ আগলৈকে সহজ হ'ব নোৱাৰা দুয়ো এতিয়া ভালেখিনি সহজ হ'ল। ড্ৰেচিং আইনাৰ আগত সেন্দূৰ ল'বলৈ লোৱা ৰাগিনীৰ ঘপহকৈ তালৈ চকু যোৱাত অলপ সময়ৰ বাবে থৰ হৈ পৰে তাইয়ো। পিছমূহুৰ্তত ৰঙা পৰি যোৱা দুগাল কৰি খপজপকৈ সেন্দূৰ কণ লৈ আঁতৰি যায় তাই। কিন্তু কোমল মনটোৱে তাইৰ অকণো উমান নাপায় নীৰৰ মনত চলি থকা ধুমুহা জাকৰ কথা।
★সে:
সেউজীয়া পাত লগা ইউনিৰ্ফমযোৰ পিন্ধি হাতত টুপীটো লৈ নতুন মানুহজনীক এৰি যোৱাৰ দুখটো টোপোলা বান্ধি নীৰ ওলাই আহে ৰুমৰ পৰা। উচুপি থকা ৰাগিনীজনীক এৰি যাবলৈ অলপো মন নাই তাৰ। হ'লেও সি যে দেশমাতৃৰ সন্তান। মাকৰ বিপদৰ সময়ত লগ এৰা দিব পৰাকৈ কলংকিত সন্তান হ'ব নোৱাৰে সি। মাক-দেউতাকক সেৱা কৰি কাতৰ চাৱনিৰে ৰাগিনীলৈ চাই ঘৰৰ সন্মুখত ৰৈ থকা সেনাবাহিনীৰ গাড়ীত উঠি নেদেখা হয় নীৰ।
শাহুৱেকে ৰাগিনীক সাৱটি ধৰে জোৰেৰে। দুয়োজনীৰ কান্দোনে আবেলিটো শেষ হৈ আহে।
★হা:
হাতত জীৱন-মৰণৰ অস্ত্ৰ লৈ আগবাঢ়ে নীৰহঁতৰ দ'লটো। আন্ধাৰৰ আঁৰ লৈ বিদ্ৰোহী ৰাষ্ট্ৰখনৰ সেনানীবোৰে গুলী-বাৰুদ দলিয়াই থাকে সিহঁতলৈ। ইতিমধ্যে যুজঁখনে বহুতো সৈন্যৰ প্ৰাণ লৈছে। বগা বৰফবোৰ শিলবোৰ তেজৰ ৰঙেৰে ৰঙা হৈ পৰিছে। তথাপিও মৃত্যুলৈ ভয় কাৰোৰে নাই সিহঁতৰ। সিহঁতৰ ভৰসাতেই দেশৰ প্ৰতিজন নাগৰিক বিশ্বস্ত হৈ উশাহ লৈ আছে। কোনোপধ্যেই বিপক্ষক সীমান্ত পাৰ হ'বলৈ দিব নোৱাৰি। দেশৰ বাবে যিদৰে প্ৰাণ দিবলৈ সাজু ঠিক সেইদৰে প্ৰাণ ল'বলৈও দৃঢ় প্ৰতিজন সৈনিক। তাৰমাজতো কিন্তু স্বাৰ্থপৰ হৈ পৰিছে যেন নীৰ। নতুন মানুহজনীলৈ চেৰেং চেৰেং মনত পৰিছে তাৰ। তাই বা এতিয়া কি কৰিছে। সিহঁতৰ ফোনৰ লাইন কাটি দিয়া একসপ্তাহ বেছি হ'ল। তাৰ খবৰ নাপায় মুখখন চাগৈ শুকাই পৰিছে তাইৰ। আৰু মাক-দেউতাক...
আহ্ !!! মুখেৰে এটা অস্ফুট গেঙনি বাহিৰ কৰি ওপৰৰ পৰা তললৈ খহি পৰিল নীৰ। ঘৰৰ কথা ভাবি ক্ষন্তেক আনমনা হৈছিল সি। সেইসময়তে শত্ৰুৰ দুটা গুলীয়ে তাৰ সোঁহাতৰ বাহু আৰু ভৰিৰ কলাফুল বিন্ধি পেলাইছিল। খৰধৰকৈ দুজন সহযোগীয়ে ষ্টেছাৰত উঠাই লৈছিল তাক। বিষে কোঙা কৰিছিল নীৰক। চকুৰ আগত মাক-দেউতাক-ৰাগিনীৰ মুখকেইখনে ধোঁৱা বৰণীয়া ৰূপ সলাইছিল।
★সু:
সুখবোৰ ঠুনুকা জানোঁ ! লাৰুৱা গোপালৰ মূৰ্ত্তি টো হাতত লৈ কেবিনৰ বাহিৰৰ চকী এখনত বহি ভাবি আছে ৰাগিনীয়ে। ভিতৰৰ বিচনাখনত সংজ্ঞাহীন অৱস্থাত শুই আছে নীৰ। বিপক্ষৰ গুলীয়ে বিশেষ ক্ষতি নকৰিলেও তললৈ বাগৰি পৰোঁতে মূৰত দুখ পাইছিল সি। সেয়ে এতিয়াও অচেতন নীৰ।নীৰহঁতৰ যুদ্ধখনৰ প্ৰতিটো খবৰ দূৰদৰ্শন-ৰেডিঅ'ত বাজি থাকিছিল সদায়। তাৰমাজতেই নীৰৰ খবৰটোও আহিছিল। গুৰি কটা গছৰ দৰে বাগৰি পৰিছিল মাক। দেউতাক থৰ হৈছিল। কিন্তু ভাগি পৰা নাছিল ৰাগিনী। সৈনিকৰ পত্নীৰ মৰ্যাদাৰে পাৰ্গত হৈ পৰিছিল তাই। বিশ্বাসবোৰ স্থিৰ হৈছিল। খৰধৰকৈ প্ৰয়োজনীয় বস্তুবোৰ সামৰি নীৰক ৰেফাৰ কৰা চিকিৎসালয় খনলৈ বুলি প্লেনৰ টিকট কৰিছিল। তাইৰ সাহস হৈ পৰা লাৰুৱা গোপালে তাইৰ প্ৰাৰ্থনা শুনিছিল। ঘূৰি আহিছিল নীৰ মৃত্যুৰ সিপাৰৰ পৰা।
★ৰ:
ৰংবোৰে খেলিছে এতিয়া সিহঁতৰ সুখত সুখী হৈ। আপোনজনক কাষত পাই সুখী হৈ পৰিছে ঘৰখন। ইতিমধ্যে বিদ্ৰোহী ৰাষ্ট্ৰখনে শান্তি ঘোষণা কৰিলে। নীৰক ঘৰলৈ লৈ আহিল ৰাগিনীয়ে। আন্ধাৰে সাৱটি ধৰিব খোজা ঘৰখন তাইৰ বিশ্বাসত পোহৰ হৈ পৰিল। গোসাঁই ঘৰৰ চাকিগছি বেছি দেৰিলৈকে জ্বলি থাকিব লৈছিল। ৰামধেনুৰ সাতোৰঙে মুকুতা সৰাইছে সিহঁতৰ চৌদিশে। মুঠি মুঠি হেপাঁহৰ জোনাকে ঘৰ বান্ধিছে এতিয়া নীৰ-ৰাগিনীৰ হৃদয়ত।
সমাপ্ত।