এই পৃথিৱীত নিশ্চয় এনে কোনো মানুহ নাই যিয়ে নিজৰ মাতৃ আৰু মাতৃভাষাক ভাল নাপায় । আন ভাষাৰ প্ৰতি আমাৰ আগ্ৰহ বা দুৰ্বলতা যিমানেই নাথাকক , মাতৃভাষাৰ স্থান সদায় শীৰ্ষত । সেয়ে আমি প্ৰতি মুহূৰ্ততে মাতৃভাষাৰ প্ৰয়োগত সচেতন হ'ব লাগে । কিন্তু আমি এই দিশত কিমান সচেতন ! -- নিজকে নিজে প্ৰশ্ন কৰিলে আমি হয়তো পোনে পোনে উত্তৰ দিব নোৱাৰিম । আৰু কেইটামান প্ৰশ্নঃ

১. মই সপ্তাহত বা পষেকত কেইদিন ব্যাকৰণ পঢ়োঁ ?

২. মই সপ্তাহত বা পষেকত কেইদিন অভিধান পঢ়োঁ ?

৩. মোৰ হাতত কেইখন ব্যাকৰণ আছে ?

৪. মোৰ হাতত কেইখন অভিধান আছে ?


ধৰা হ'ল , মোৰ হাতত তিনি-চাৰিখন অভিধান আৰু ব্যাকৰণ আছে । কিন্তু মই সেই অভিধান আৰু ব্যাকৰণ নিয়মীয়াকৈ পঢ়োঁ নে ! 

যদি নপঢ়োঁ , কিয় নপঢ়োঁ ! এই প্ৰশ্নৰ সহজ উত্তৰ -- সময় নাই । এৰা ! ব্যাকৰণ-অভিধান পঢ়িবলৈ সময় নাই । 

আকৌ প্ৰশ্নঃ কিয় সময় নাই ? 

উত্তৰঃ লিখিব লাগে ।

: কি লিখিব লাগে ?

: কবিতা , গল্প ,উপন্যাস , অনুভৱ ... । বহুত কিবাকিবি । 

: কিয় লিখিব লাগে ?

: লিখি ভাল লাগে ।

ফেইচবুক , হোৱাটচএপত প্ৰতিদিনে বিভিন্ন লেখা প্ৰকাশ পাই থাকে । সেই লেখাবোৰৰ বেছিভাগেই লেখকৰ ভাষাত কবিতা , গল্প , অণুগল্প , বতৰৰ অনুভৱ বা ধাৰাবাহিক উপন্যাস । লেখাবোৰত সঘনাই দেখা পোৱা যায় ব্যাকৰণৰ ভুল । অজস্ৰ বৰ্ণাশুদ্ধি । লেখা একোটাত প্ৰত্যক্ষ কৰা ভুলসমূহক এইদৰে ভাগ কৰিব পাৰিঃ- 

ক. বিভক্তি প্ৰয়োগৰ ভুল

খ. বিশেষ্য-বিশেষণ প্ৰয়োগৰ ভুল

গ. সন্ধিৰ ভুল

ঘ. সমাসৰ ভুল

ঙ. চন্দ্ৰবিন্দু প্ৰয়োগৰ ভুল

চ. হাইফেন-বিধি প্ৰয়োগৰ ভুল

ছ. বাক্য-ৰীতিৰ ভুল ( যোগ্যতা , নৈকট্য আৰু আকাংক্ষা ) 

জ. যতি-চিহ্ন প্ৰয়োগৰ ভুল ইত্যাদি ।

উপৰিউক্ত বিধিসমূহৰ ভুলবোৰআমাৰ মন-মগজুত ইমান গভীৰভাৱে শিপাই আছে যে আমি কোনোবাই আঙুলিয়াই দিলেও শুধৰণি কৰাৰ প্ৰয়োজনবোধ বহুসময়ত নকৰোঁ । 

ব্যাকৰণ এনে এক বিষয় নহয় যে আমি বিদ্যালয় পৰ্যায়ত পঢ়িছিলোঁ বুলি তাক অৱহেলা কৰিব পাৰোঁ । ভাষা শিক্ষা এক জীৱনযোৰা প্ৰক্ৰিয়া -- বিশেষকৈ মাতৃভাষা শিক্ষা । মাতৃভাষাৰ শুদ্ধতাৰ বাবে আমি ব্যাকৰণ আৰু অভিধান পঢ়িব লাগে । (উচ্চমানৰ বাহিৰা কিতাপেও ভাষাশিক্ষাত বহুখিনি সহায় কৰে ) । প্ৰতিদিনে সম্ভৱপৰ নহ'লেও সপ্তাহত দুই-তিনিদিন ব্যাকৰণ আৰু অভিধান পঢ়িবৰ বাবে ৰাখিব লাগে । 

নিজৰ লেখাৰ নিজে সম্পাদক হোৱাৰ মানসিকতাই বৰ্ণাশুদ্ধি আঁতৰোৱাত সহায় কৰে । সেয়ে , লেখা এটি পাঠকলৈ প্ৰেৰণ কৰাৰ আগতে প্ৰতিটো শব্দ , প্ৰতিটো বাক্য ধ্যানময় দৃষ্টিৰে পঢ়ি চাব লাগে । সন্দেহজনক শব্দবোৰ অভিধানত চাই ল'ব লাগে ।

আহক , আজিয়েই আমি মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ শপত গ্রহণ কৰোঁ ।


        - চাৰু ডেকা বৰুৱা,দেৰগাঁও