শাওণ মাহক পবিত্র মাহ বুলি গণ্য কৰা হয় কিয়নো এই মাহক মহাদেৱ শিৱৰ মাহ বুলি কোৱা হয় | এই শাওণ মাহক দেৱাদি দেৱ মহাদেৱক অৰ্পন কৰা হয় | এই মাহটোক শাওণ মাহ বুলি এইকাৰণেই কোৱা হয় যে এই মাহতেই শাওণ নক্ষত্রৰ আৱিৰ্ভাৱ হয়,যিটো মাহ মহাদেৱৰ অতি প্ৰিয় | যেতিয়া দেৱতাসকল শ্ৰী হীন হৈ গৈছিল অৰ্থাৎ সা-সম্পত্তি,প্ৰতাপ বল দুৰ্বাসা ঋষিৰ অভিশাপত লুপ্ত হৈ গৈছিল । তেতিয়া এই অভিশাপৰ পৰা মুক্তি পাবলৈ দেৱতা আৰু অসুৰে সাগৰ মন্হনত বহুতো সা-সম্পত্তি মুল্যবান বস্তু ঘূৰাই পাইছিল । কিন্তু পোনপ্ৰথমে এই সা-সম্পত্তি বিলাক উৎপত্তি হৈছিল । যি গোটেই পৃথিৱী ধ্বংস কৰাৰ ক্ষমতা ৰাখে, তেতিয়া সেই বিষাক্ত বিষৰ পৰা সৃষ্টিক ৰক্ষা কৰিবলৈ ভোলানাথে বিষ পান কৰিছিল । তেওঁৰ গলটো নীলা হৈ পৰিছিল । সেয়েহে মহাদেৱক নীলকণ্ঠ নামেৰে জনা যায় । সেই হলাহল বিষ শাওন মাহত কৰা বুলি বিশ্বাস আছে ।হলাহলৰ উৎপাতৰ পৰা ৰক্ষা কৰিবলৈ সকলোৱে এই শাওন মাহত গংগা পানী বা পবিত্ৰ পানী, অৰ্পণ কৰে । সেয়েহে আমি বলবম দৌল সমূহ দেখা পাওঁ । যিয়েই নিজৰ কান্ধত পানী লৈ ব্ৰহ্ম পুৱাতে শিৱবাবাক অৰ্পণ কৰে । শাওন মাহত শিৱ বাবাক পূজা কৰিলে মনৰ কামনা পূৰ হয় বুলি বিশ্বাস আছে ।
আৰু এক কথা মতে মা পাৰ্বতীয়ে এই মাহতেই প্ৰবল তপস্যাৰ ফলত মহাদেৱক স্বামী হিচাপে পাইছিল,যাৰ বাবে মংগলবাৰৰ ব্ৰতটোক গৌৰী ব্ৰত হিচাপে পালন কৰা হয় । বিবাহিতসকলে তেওঁলোকৰ পুত্ৰ আৰু স্বামীৰ মংগলৰ কাৰণে মহাদেৱক পূজা-অৰ্চনা কৰে । শাওন মাহত ৪ টা সোমবাৰে ব্ৰত পালন কৰা হয় আৰু সেই ব্ৰত সূ্য্য অস্ত যোৱাৰ পিছত ব্ৰত ভংগ কৰি ফলাহাৰ গ্ৰহণ কৰা হয় । শাওন মাহত শিৱবাবাক শুদ্ধ অন্তৰে পূজা কৰিলে তেওঁ সন্তোষ্ট হয় । তেনে এক কাহিনী হ'ল _
এখন গাঁৱত এগৰাকী বুঢ়ীমাক আৰু পুতেকে বাস কৰিছিল । দুয়োজনে বহুত কষ্ট কৰি জীৱন-যাপন কৰিছিল । পুতেকৰ বিয়াৰ কথা চিন্তা কৰি এজনী ধুনীয়া ছোৱালী বিয়া কৰাই আনিলে আৰু তাই শিৱ ভক্ত আছিল আৰু মহাদেৱৰ পূজা কৰিবলৈ মন মেলিলে । কিন্তু তাইৰ নিজৰ হাতত কোনো সামগ্ৰী নাছিল । প্ৰতিবাৰেই আনৰ পৰা লৈ পূজা কৰিছিল এনেদৰে সদায় আনৰ বস্তু দি পূজা কৰি মনলৈ আহিল যে এইবাৰ তাইনিজৰ সামগ্ৰীৰে পূজা কৰিব । এই কথা ভাৱি তাই নিজৰ হাতৰ সোণৰ আঙুঠিটোকে দি পূজা কৰি ঘৰলৈ আহিল । শাহুয়েকে তাইৰ হাতত আঙুঠিটো নেদেখি সুধিলে আৰু তাই নাজানো বুলি ক'লে | তেতিয়া শাহুয়েকে ক'লে তুমি আজি ক'ত ক'ত গৈছিলা তালৈ মোক লৈ ব'লা | বোৱাৰীয়েকে ক'লে পানী অনালৈকে হাততে আছিল তাৰ পিছত গোবৰ চুইছিলো কিজানি তাত সোমালে!এনেকৈ গৈ গোবৰৰ ওপৰত কেইবাটাও আঙুঠি দেখিলে আৰু ভয়ে ভয়ে বোৱাৰীয়েকে সকলো বিৱৰি ক'লে | বোৱাৰীয়েকৰ ভক্তি দেখি শাহুয়েকে বহুত ভাল পালে | আৰু ক'লে শাওণ মাহ জপ,তপ আৰু ইমান মহত্ব আছে যে শুদ্ধ মনেৰে ভোলানাথক তপস্যা কৰিলে তেওঁ আমাক আৰ্শীবাদ দিবই | পিছত দুই শাহু-বোৱাৰীয়েকে একেলগে মহাদেৱক পূজা-অৰ্চনা কৰিবলৈ ধৰিলে | মহাদেৱ সন্তোষ্ট হৈ বুঢ়ীৰ ঘৰ ধন-ধানেৰে উপচাই পেলালে |
- জোৎস্না বৰা
দেৰগাঁও


