- এপলিনা বৰা,গোলাঘাট 


কথাৰে মানুহ কিনা মানুহবোৰে

দেহাটো ঢাকি এটা ৰঙীন চোলা পিন্ধে৷

কথাৰে মানুহ কিনা মানুহবোৰে

আন্ধাৰতে বুৰ মাৰে;

গ্ৰহণ লাগে যদি ক্ষণিকৰ বাবে ,

ওৰালতো সিহঁতৰ চাউল মলঙে৷

যায় যদি যাওক উৰি 

মুধচৰ চাল ,

কোনো কথা নাই ৷

নিজে নাঙঠ হৈও পৰক পুৰি খায় ৷

কথাৰে মানুহ  কিনা মানুহবোৰে কেতিয়া বাৰু ভাগৰত জিৰাই