হঠাতে এদিন

ফ্ৰেণ্ডৰিকুৱেষ্টটো  গ্ৰহণ কৰা পাছত


_____তুমি ইয়াত থকা বছৰে হ'ল। মাজে মাজে দেখা পাঁও। তথাপিও চিনাকি নাই আমাৰ।


_____এতিয়াও চিনাকি হোৱা নাই আমাৰ।


_____মানে! তুমি কি কব বিচাৰিছা বুজা নাই।


_____আজিলৈকেটো লগ পোৱা নাই। ফেচবুকতে মাঁথো।


_____আচ্ছা!  চিনাকি হবৰ বাবে লগ পোৱাটো জৰুৰী নেকি?


____হয় আকৌ! ইজনে সিজনক জানিবলৈ হ'লে, বুজিবলৈ লগ পোৱাটো জৰুৰী বুলি ভাৱো।


____কথাটো মিছা নহয়। এটা কথা কও তোমাক। তুমি চিধা কথা কোৱা দেই।


হাঁহি এটা মাৰি কয় সি....


____সেইটো নাজানো মই। কিন্তু মই স্পষ্টবাদী ভাল পাও।


____ঠিকেই কৈছা। স্পষ্টবাদীজন সদায় সাহসী। কিন্তু সাহসীজন  সদায় স্পষ্টবাদী নহবও পাৰে।


____হা হা হা 


_____তুমি হাঁহিলা যে?


 হাঁহিবলৈ কোনো কাৰণ নালাগে।

হাঁহি এটা মাৰি কৈ সি

•••••••••

ৰাতিপুৱা প্ৰায় ৪-৩০ বাজিছে।

ক্ৰিৰিং ক্ৰিৰিং ফোনটো বাজি উঠে তাৰ


____হেল্ল! গুড মর্ণিং বচ

____হা হা হা ... মর্ণিং। বচ বুলি ক'লা যে


____তুমিটো বচ হয়। 


____ভাল আৰু দেই...জমাইছা তুমি।


____হা হা হা.... তাই যোৰৰে হাঁহি এটা মাৰে।


_____তোমাৰ হাঁহিৰে দিনটো আৰম্ভ কৰিছো। দিনটো ভালে যাব।


_____হা হা হা।


ফোনটো কাটি যায়....।

••••••••

____আকাশ, তোমাৰ কেতিয়াবা বৰষুণৰ স'তে প্ৰেম হৈছেনে। 

_____হা হা হা! কিযে ধেমালি কৰা। প্ৰেম আৰু মই

হাঁহি এটা মাৰি কয়। মই কি ভাবো জানা। 


____কি ?


_____ভালপোৱাৰ অন্য এটা নামেই হৈছে প্ৰেম। এই প্ৰেম সদায় সেউজীয়া। সেউজীয়া প্ৰেমৰ স্পর্শ শীতল। 


____কম ভাষাতে বহু কথাই বুজাই দিলা।


___আচ্ছা! ধৰিত্ৰী তোমাৰ বাৰু কেতিয়াবা প্ৰেম হৈছে?


ধৰিত্ৰীয়ে আকাশৰ পিনে চাই হাঁহি মাৰি ক'লে


_____আকাশৰ দৰে বহল মোৰ ভালপোৱা। শাওনৰ মিঠা বৰষুণ  জাকৰ দৰে আৰু চকু চাট্ মাৰি ধৰা ৰ'দৰ স'তে মোৰ প্ৰেম। 


আকাশে মাঁথো এটা কথা নাজানে যে

ধৰিত্ৰীৰ বুকুত থিয়  হৈহে আকাশ চাব পাৰি।

নাৰী অথবা ধৰিত্ৰী ন'হলে পুৰুষ অথবা আকাশ অৱক্ষয়বহীন।


___ৱাহ্!  কি যুক্তি! আমি চিধা মানুহ। চিধা কথা বুজি পাঁও। বাৰু খবৰ কোৱা তোমাৰ?


____আকাশখনে ধৰিত্ৰীক আৱৰি ৰখাৰ দৰে তুমি কাষত থাকিলে মোৰ একোৱেই ভয় নালাগে।


___অভ্যাসত পৰিণত  হৈছা তুমি।


ধৰিত্ৰীয়ে হাঁহি মাৰি কয়

____ভালপোৱাৰ অন্য এটা নামেই হৈছে "তুমি"।




প্ৰিয়াশ্ৰী নেওগ

বোকাখাত