
মোৰ মন যায় ...
সৌ গোলাপৰ পাহিটি আজুৰি আনিবলৈ
ৰৈ আছোঁ হেপাঁহৰ পানচৈত ...
তোমাৰ সেউজীয়া হৃদয়ত অনুমতি দিয়া এখনি গোলাপৰ বাগিচা খোলাৰ
মোক তোমাৰ হৃদয়ৰ পথাৰত গজিবলৈ দিয়া
মোক শিপাবলৈ দিয়া তোমাৰ কোমলতাত
ৰৈ আছো মই তোমাৰ বাবে ...
উলিয়াই আনো সুখৰ বেলি ...
তুমি আৰু মই ...
শ্যামল জিৎ হাজৰিকা
বাহনা , যোৰহাট