মা" মই উভতি আহিম।

সাত সাগৰ ভটিয়াই

ঢপলিয়াই আহিম 

তোমাৰ কাষলৈ।

মা মই উভতি আহিম।


প্ৰতিশ্ৰুতি দিছিলোঁ মই তোমাক উভতি আহিম বুলি।

মোক ক্ষমা কৰি দিবা মা"।

আজি মই তোমাৰ ওচৰত ক্ষমাপ্ৰাৰ্থী।।


নোৱাৰিলোঁ ৰাখিব তোমাক দিয়া প্ৰতিশ্ৰুতি।

দুৰ্বৃত্তৰ মৰণাস্ত্ৰৰ কোৱত

থকা সৰকা মোৰ ক্ষত বিক্ষত

দেহা আজি ।।


আজি মই নিৰৱ হৈ পৰিছো

লাহে লাহে ক্লান্ত হৈ পৰিছো।

তেজেৰে লুটুৰি পুটুৰি হৈ পৰি 

ৰোৱা দেহাটোৰে

এতিয়া মাথোঁ মই গণিছো

শেষ নিশ্বাস।।


মই হাৰি যোৱা নাই মা

অন্তিম সময়লৈকে যুজি গ'লো , দেশৰ কাৰণে।

মোৰ দেশ, মোৰ মাটি ভেটিৰ কাৰণে নিজকে বলিদান দি

আজি মই তোমাৰ কোলা শূণ্য কৰি যাবলৈ ওলাইছো।।


আকৌ আহিম ঘুৰি,

জনম ল'ম মোৰ অসমীৰে

মাতৃভূমি ত ।

পুনৰ জন্ম লভিম তোমাৰ কোলাত।

আজি মই মাগিছো বিদায়।।।



          কৃষ্ণাক্ষী

          গোলাঘাট