
(১)জীৱশ্ৰেষ্ঠ
ব্যস্ত জনজীৱনৰ সুৰুঙা লৈ ৰাজপথক গতি দিয়া যানবাহনৰ কোলাহল । নিজস্ব কৰ্মৰ সমাহাৰেৰে চহৰখনৰ সেই নিৰ্দিষ্ট অংশটো মুঠতে ব্যস্ত । জীৱনৰ পণ গণি দেউতা আৰু মই সেই অংশটোতে অপেক্ষাৰত বিশেষ কিছু কাৰণত । হঠাৎ সামান্য চিঞৰ এটা আহি মোৰ শ্ৰৱণেন্দ্ৰীয়ত ধৰা দিলেহি । দৃষ্টি,আতুৰ হৈ জঁপিয়াই পৰিল নিনাদিত সত্বাৰ ওপৰত । ক্ৰমান্বয়ে ছবিখন মোৰ হৃদয়ৰ গভীৰলৈ শিপালে । হাতত পাতলীয়া খাদ্যৰ সামগ্ৰী লৈ এটি নাবালিকা । "অঘৰী" শীৰ্ষক চেকাৰে দূৰ্ভগীয়া জীৱনৰ এক স্থিতপ্ৰজ্ঞ ছাইন-পোষ্ট । অথচ ! জীৱশ্ৰেষ্ঠৰ পৃথিৱীত মানৱতাৰ জয়গান গাবলৈকে যেন অস্পষ্ট ভাষাৰে নাবালিকাৰ চিঞৰ সদৃশ কাতৰ অনুৰোধ, আপোন কিম্বা সংগীসকলৰ উদ্দেশ্যে-"তোমালোক ক'ত আছা ? মোৰ ওচৰলৈ আহা...এইয়া চোৱা,কোনো সহৃদয়বানৰ উপহাৰত মই খাদ্যবস্তু লৈ ৰৈ আছোঁ তোমালোকলৈ" ।
(২)আউল
ৰাতিপুৱাই সম্বন্ধীয় নবৌয়েকে দিয়া খবৰটোত দেউতাকৰ অসুখৰ চিন্তাত থকা প্ৰয়াসী আৰু মানসিকভাৱে ভাগি পৰিছে । ডাক্টৰে কৈছে বোলে ৰোগ জটিলেই । মানুহজন আৰু শাহুৱেকে তাইক দেউতাকৰ ওচৰলৈ যোৱাৰ পৰামৰ্শ দিছে । এৰা ! কেউ কিছু নথকা ৰোগীয়া মানুহজনক চোৱা-চিতা কৰিবলৈকে কোনোবা এজন লাগে । তাতে একমাত্ৰ জীয়ৰীক কাষত পালে দেউতাকেও কম আনন্দ পাবনে ? কিন্তু সন্ধিয়া দূৰদৰ্শনত প্ৰচাৰিত বাতৰিটোৱে যেন সকলোতে আউল লগাই পেলালে-"অনিৰ্দিষ্ট কাললৈ ফেৰী সেৱা বন্ধ কৰি দিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে " ।
(৩)গধুৰ
ধৰিত্ৰী আইক শ্যামলী ৰূপ প্ৰদানৰ প্ৰচেষ্টাত ব্ৰতী কৃষকক কৃপা কৰিবলৈ আজি কিছুদিন ধৰি বতৰৰ প্ৰতিকূলতাই লগ নেৰা হৈছে । অৱশ্যে ৰবীন খেতিৰ পৰা আজৰি হোৱা দিনচেৰেক হ'ল । কিন্তু নিজৰ বুলিবলৈ যিকেইডৰা মাটি আছে , সেইকেইডৰাৰ চাউলমুঠিয়ে বছৰটোলৈ জুৰেহে কোনোমতে । ইফালে কোৱা শুনিছে মথাউৰিটোৱেও বোলে ভুমুক দি আছে । সন্ধিয়া লাগি ভগা কিছু পৰ হ'ল । মানুহজনীয়ে ভাতমুঠি সিজোৱাৰ দিহা কৰিছে । জ্বলি থকা টিপচাকিটোৰ পোহৰ লাহে লাহে কমি আহি অৱশেষত তেল শেষ হৈ চাকিটো নুমাল । ৰবীনৰ মুখৰ পৰা আপুনা-আপুনি ওলাই আহিছে , এন্ধাৰ বৰ গধুৰ । তেনেতে গাঁৱৰ ডেকাহঁতৰ চিঞৰ এটা ভাঁহি আহিল- "ছিগিল ঐ , মথাউৰি ছিগিল" । এন্ধাৰতকৈও এতিয়া ৰবীনৰ বাবে উশাহটোহে বেছি গধুৰ হৈ পৰিছে ।
(৪)অজ্ঞতা
জাৱৰ নিষ্কাসনৰ বাবে নিৰ্দ্ধাৰিত সেই ৰাজহুৱা স্থানলৈ চহৰখনৰ চিকিৎসালয়ৰ পেলনীয়া সামগ্ৰীসমূহো পৌৰসভাৰ বাহনে কঢ়িয়াই আনে । অস্বাস্থ্যকৰ পৰিৱেশত আন দিনাৰ দৰেই দূৰ্ভাগ্যই সাৰ-পানী যোগোৱা জীৱন জীয়াবলৈ মদন পুনঃচক্ৰীয়কৰণ কৰিব পৰা সামগ্ৰী বুটলাত ব্যস্ত । হঠাৎ নামি অহা বৰষুণজাকে তাৰ কামত ব্যাঘাত জন্মাইছে যদিও সি মন-কাণ এৰি দিয়া নাই । এনেতে কাষতে পৰি থকা "ৰেইন কোট" সদৃশ চোলাটো দেখি বিনাদ্বিধাই মদনে সেইটো গাত সোমোৱাই ল'লে । সি ভাৱিলে-"অন্ততঃ বৰষুণজাকৰ প্ৰত্যাহ্বানক নেওচা দিবলৈকে উপায় এটা ওলাল।" কিন্তু অজ্ঞতাৰ বলি হোৱা মদনে জানো চিনিব পাৰিছে ? ক'ৰণা আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰিবলৈ চিকিৎসকৰ বাবে নিত্যান্তই প্ৰয়োজনীয় সেইটো যে এটা ব্যৱহৃত "পি পি ই কিট" !
হিমাশ্ৰী বৰা
ৱিমেনজ কলেজ , তিনিচুকীয়া ।

