জীৱনৰ কিছুমান মুহূৰ্ত বৰ  উমাল, যি সংগীতৰ দৰেই মধুৰ,যাক বাৰে বাৰে আওঁৰালেও আমনি নালাগে,কোনোদিনে পাহৰিব নোৱাৰা এটি ৰাগৰ দৰেই এই সময়,যি সময় হৃদয়ত ৰু-ৰুৱাই বাজি থাকে অহৰহ৷ স্মৃতিৰ বৰপেৰা খুলি সেই তেনে এক সোণসেৰীয়া দিনৰ কথাই আজি আপোনালোকৰ আগত উদঙাই দিব বিচাৰিছো য'ত অংকিত হৈ ৰৈছে শৈশৱৰ এখনি ৰঙীন কেনভাছ৷


"জয় জয় ৰাম জয় শ্ৰীৰাম

জয় সনাতন হৰি এ"


আহল বহল হলৰ দৰে ৰুমটোৰ সন্মুখত এভাগি মাহপ্ৰসাদৰ শৰাই,এগচী বন্তী আৰু ধুপ-ধুনাৰ সুঘ্ৰাণেৰে এটা শান্ত-সৌম্য সুন্দৰ পৰিৱেশ৷ধুতি-গামোচাৰে পৱিত্ৰ সাজযোৰেৰে বৈৰাগী চাৰৰ কন্ঠৰ লগে লগে অচিন্ত চাৰ, পৰশমণি চাৰ অজয়া বাইদেউ,বন্দনা বাইদেউকে ধৰি বাকী ছাৰ-বাইদেউ সকল আৰু লগতে আমাৰ কন্ঠৰে বৈ আহিছে ভক্তিৰসৰ নিজৰা৷ সেইয়া যোৰহাট চৰকাৰী বহুমুখী বালিকা বিদ্যালয়ৰ শংকৰদেৱৰ তিথি উদযাপন৷যিটো দিনৰ বাবে আমি অধীৰ আগ্ৰহেৰে প্ৰতি বছৰে বাট চায় ৰওঁ৷আমাৰ বিদ্যালয়খন আছিল সাংস্কৃতিক দিশত আগবঢ়া৷য'ত ধৰ্মীয় প্ৰতিটো উৎসৱ পাৰ্বন স্হাপিত কালৰে পৰা পালন কৰি আহিছে৷অসমীয়া সকলৰ শংকৰদেৱৰ তিথি  যেনেদৰে পাতে ঠিক তেনেদৰেই পাতে মুছলমানসকলৰ ফাটেহা দোৱাজ দহম৷ইয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহে আমাক আগুৱাই যোৱাত বিশেষভাৱে সহায় কৰিছিল৷কোনোদিনে গান নিশিকা ছোৱালীজনীয়ে গান গাইছিল, কোনোবাই নৃত্য কৰিছিল, কোনোবাই কৰিছিল নাটক ঠিক তেনেদৰে খেল-ধেমালি সাহিত্য আদিৰ ক্ষেত্ৰতো প্ৰতিগৰাকী চাত্ৰী বৰ উৎসাহী তথা উদ্যমী আছিল৷পঢ়া-শুনাৰ লগতে সেয়ে আমি কলাসুলভ দিশটো প্ৰত্যেকেই আগুৱাই নিব পাৰিছিলো আৰু ইয়াৰ মুলতে আছিল শিক্ষাগুৰুসকলৰ উৎসাহ উদ্দীপনা তথা নিঃস্বাৰ্থ অনাবিল ভালপোৱা আৰু মৰম৷

শংকৰদেৱৰ তিথিৰ দুদিনমান আগৰ পৰাই আমাৰ মনবোৰ আনন্দত কমুৱা তুলা হৈ উৰিছিল৷কিয়নো সেইদিনা আমি বিদ্যালয়লৈ চাদৰ মেখেলা পিন্ধি যাব লাগিব,চাদৰমেখেলা পিন্ধাটো আমাৰ বাবে শংকৰদেৱৰ তিথিৰ দিনা অন্যতম আকৰ্ষণ আছিল৷প্ৰতিজনী ছোৱালীৰে অসমীয়া সাজযোৰৰ প্ৰতি এক অদ্ভুত আকৰ্ষণ থাকে যিটো আমাৰ মাজতো দেখা গৈছিল৷তেতিয়াৰ দিনত আমি বৰবিয়াসমূহত  চাদৰ মেখেলাৰ সলনি স্কাৰ্ট টপ,ফ্ৰক আদিহে পিন্ধিছিলো এতিয়াৰ ছোৱালীবোৰৰ দৰে চাদৰ মেখেলা পিন্ধা নাছিলো আৰু সেয়ে সৰস্বতী পুজাই হওঁক অথৱা শংকৰদেৱৰ তিথিয়েই হওঁক চাদৰমেখেলা পিন্ধিব লগা কথাটো আমাৰ বাবে বৰ আনন্দৰ কথা আছিল৷আমি ইজনীয়ে ইজনীৰ লগত কোনে কেনেকুৱা ধৰণৰ  চাদৰ মেখেলা পিন্ধিম তাৰ লগত কেনেকুৱা  কাণফুলি লগাম,আনকি  নেইল পলিছলৈকে মিলাই লৈছোলো সাজৰ লগত৷ আমি প্ৰত্যেকেই ঘৰৰ পৰা কলপাত লৈ গৈছিলো৷শংকৰদেৱৰ তিথিৰ দিনা আমাৰ বিদ্যালয়ত দিয়া প্ৰসাদটো বৰ সোৱাদলগা আৰু কিছুসুকীয়া আছিল৷ গোটা মগু, নাৰিকল কাবেলীবুট, কেচাবাদামৰে প্ৰসাদৰ  একোখনি পাত লৈ শাৰীকৈ শাৰীকৈ নামঘৰৰ গোপিনীৰ দৰে বঢ়ি লৈছোলো ঢাৰিত৷এই প্ৰসাদখিনি আজিয়ো জিভাত লাগি আছে৷মুল নাম কীৰ্ত্তনৰ পিছত আমি সকলোৱে দিহা নাম,টোকাৰি নাম আদি ভক্তিমুলক নামসমূহ গাইছিলো৷এইটো মোৰ বাবে বৰ আমোডজনক কথা আছিল কিয়নো মই দুদিনমানৰ আজৰ পৰাই আইতা আৰু দেউতাৰ পৰা দুটামান দিহানাম শিকি লৈ লিখি লিখি মুখষ্ঠ কৰি থৈছিলো সেই বিশেষ দিনটোত গাব লাগিবৰ বাবেই৷মিঠা মাতৰ কেইজনীমান বা আৰু ভন্টীয়ে 'শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে' বুলি কৈ নামটো ধৰি দিছিল৷তাৰ পাছতহে মোৰ গাবলৈ লাজটো ভাগিছিল কাৰণ সেইসময়ত মোৰ লাজটো নাকৰ আগতে আছিল জনা নামটো গাবলৈ মনটো উচপিচাই থাকিলেয়ো প্ৰথমে লাজটোৱে আহি নাকটোতে বিন্ধিছিলহি৷মই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত থকাবাৰ শংকৰদেৱ তিথি উপলক্ষে এখনি দিহানামৰ প্ৰতিযোগিতা পাতিছিল সেয়ে এই বছৰটোৰ শংকৰদেৱৰ তিথিভাগ মোৰ বাবে সদায় মনত ৰৈ যাব৷দিহানাম পাতিব বুলি শুনিয়েই আমি দহজনীমান লগ হৈ  তাৰ দুদিনৰ আগৰ পৰা প্ৰেক্টিছ কৰিছিলো আৰু তেনেকৈয়ে আমাৰ দলটোৱে সেইবাৰ প্ৰথম হ'বলৈ সক্ষম হৈছিলো৷ফলাফল ঘোষণা কৰোঁতে আমাৰ দলটোৰ নাম শুনি আমি আনন্দত কিৰিলি পাৰি উঠিছিলো,সেই বছৰৰ শংকৰদেৱৰ তিথি কোনোদিনে পাহৰিব নোৱাৰোঁ৷এনেকৈ আনন্দ উল্লাসৰ মাজেৰে কটোৱা বছৰৰ এই দিনটো মোৰ মনৰ মাজত আজিয়ো জীপাল হৈ আছে৷আজিয়ো ভাদমাহ সোমালেই এই নিৰ্দিষ্ট দিনটোলৈ বৰকৈ মনত পৰে,পবিত্ৰতাৰে ভৰি পৰে মনৰ চৌপাশ৷কেৱল চাত্ৰীসকলেই নে?শিক্ষাগুৰুসকলৰো যে আছিল কিমান উৎসাহ উদ্দীপনা এই দিনটোৰ প্ৰতি৷বৈৰাগীচাৰৰ ভোৰতাল বজোৱা সেই হাত দুটি,একান্তমনে চকুহাল মুডি মতা সেই শ্লোকফাঁকি যেন আজিয়ো ৰৈ ৰৈ বাজি আছে বুকুত,শ্ৰদ্ধা আৰু ভক্তিত আজিয়ো মুৰ দোঁ খাই যায় সেই মুহূৰ্তটিৰ কথা ভাবিলে৷শুকুলা চাদৰ-মেখেলাৰ  ৰঙা নীলা সৰু সৰু বুটাবছা ফুলেৰে প্ৰতিগৰাকী ছাত্ৰীক একোপাহী সদ্যপ্ৰস্ফুটিত ফুল এনে লাগিছিল৷হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছিল যোৰহাট চৰকাৰী বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰাংগন৷পলে পলে অনুভৱ কৰিছিলো শিক্ষানুষ্ঠানসমূহ একোটি মন্দিৰ অথৱা নামঘৰৰ দৰেই পবিত্ৰ য'ত জ্ঞান আৰু বিদ্যাৰ অৰ্চনা কৰা হয়৷


আঙুলিৰ ফাকেৰে সৰকি যোৱা বালিৰ দৰে এপল দুপলকৈ সৰি পৰে সময়৷  একলা দুকলাকৈ বাঢ়ি আহি জীৱনৰ পছিশটা বসন্ত গৰকি আহিলো মই৷কৰ্মময় জীৱনৰ ব্যস্ততাৰ ফাঁকে ফাঁকে যেতিয়া উভতি চাওঁ অতীতটোক স্কুলীয়া দিনৰ এই ৰঙীন সময়বোৰে বৰকৈ আমনি কৰে ৷ এই সোণসেৰীয়া সময়খিনি  সদায় মোৰ বাবে  এমুঠি সেউজীয়া স্মৃতি হৈ ৰৈ যাব৷


©সুদৰ্শনা বৰদলৈ

যোৰহাট

দুৰভাষঃ৮৮৭৬৯১৮৯৬৩