কিছুদিনৰ আগতে মোহময়ী অভিনেত্ৰী শিল্পা শেট্টিয়ে সাৰোগেছী ( surrogacy  ) পদ্ধতিৰে কন্যা সন্তান এটি জন্ম দিয়ে _অভিনেতা আমীৰ খান আৰু তেওঁৰ নিৰ্দেশক পত্নী কিৰণ ৰাওৱেও এই একেই পদ্ধতি অৱলম্বন কৰি সন্তান জন্ম দিয়ে।  এতিয়া  কথা হল সাৰোগেছী( surrogacy ) পদ্ধতি নো কেনেকুৱা ধৰণৰ সন্তান জন্ম দিয়া পদ্ধতি _ জানোচোন আহক। 

  

   নিঃসন্তান লোকৰ বাবে সাৰোগেছী পদ্ধতি সন্তান লাভৰ জনপ্ৰিয় পদ্ধতি। এই মাধ্যমৰ প্ৰয়োজন হয় যেতিয়া কোনো সন্তান প্ৰত্যাশী দম্পতিৰ স্ত্ৰী গৰাকীৰ গৰ্ভাশয়ৰ কোনো ৰোগৰ দ্বাৰা সংক্ৰমন হয় নাইবা গৰ্ভধাৰণ কৰিবলৈ অসমৰ্থ হয়। অত্যাধিক কৰ্মব্যস্ততাৰ বাবে সময়ৰ অভাৱৰ বাবেও বহুতো মহিলাই গৰ্ভধাৰণ কৰিবলৈ ইচ্ছুক নহয়, তাৰোপৰি বহুতো নামী দামী অভিনেত্ৰীয়ে দেহৰ সৌন্দৰ্য্যত হানি হব পাৰে বুলিও এই পদ্ধতিৰ সহায় লয়। 


  সাৰোগেছী পদ্ধতিত এহাল দম্পতীয়ে অন্য এগৰাকী ইচ্ছুক মহিলাৰ গৰ্ভাশয় ভাৰালৈ লয় যি দম্পতিৰ স্ত্ৰী গৰাকীয়ে বিভিন্ন কাৰন বশতঃ গৰ্ভধাৰণ কৰিবলৈ অসমৰ্থ হয়। surrogacy দুই প্ৰকাৰৰ আছে _এটা হৈছে ট্ৰেডিচনেল আৰু ইটো gestational surrogacy। ট্ৰেডিচনেল পদ্ধতিত সন্তানৰ পিতাৰ শুক্ৰাণু surrogate মাকৰ অৰ্থাৎ যিগৰাকী মহিলাৰ কোষ ভাৰালৈ লয় তেখেতৰ গৰ্ভাশয়ত সংস্থাপন কৰা হয় তাতেই শুক্ৰাণু ভাৰাতীয়া মহিলাগৰাকীৰ ডিম্বাণুৰে নিষিক্ত হয় _ এই ক্ষেত্ৰত এই সন্তানটিৰ লগত প্ৰকৃততে পিতৃৰহে জেনেটিক সম্পৰ্ক থাকে মাতৃৰ কোনো সম্বন্ধ নাথাকে, কিন্তু গৰ্ভাশয় ভাৰা লোৱা মহিলাগৰাকীৰ সৈতে সন্তানটিৰ জেনেটিক সম্পৰ্ক থাকে। অন্যহাতে Gestational surrogacy ত কোনো দম্পতিৰ নিষিক্ত ভ্ৰুণহে অন্য কোনো মহিলাৰ ভাৰাতীয়া গৰ্ভাশয়ত সংস্থাপন কৰা হয় এনেক্ষেত্ৰত হবলগীয়া সন্তানটিৰ সৈতে পিতৃ মাতৃ উভয়ৰে জেনেটিক সম্পৰ্ক থাকে। দুই ধৰনৰ সাৰোগেছীতে জনচক্ষুৰ পৰা সাৰোগেট মাডাৰ গৰাকীক আঁতৰত ৰখা হয়। সাৰোগেট মাডাৰ গৰাকীয়ে সন্তান জন্ম দিয়াৰ পিছত সেই সন্তান প্ৰকৃত পিতৃ মাতৃৰ ওচৰত সপি নিজৰ সন্তান জন্ম দিয়াৰ ভাৰা লৈ চিৰদিনলৈ আঁতৰি যায়। 


  আমেৰিকাত সাৰোগেছী পদ্ধতিত  খৰছ বহুত বেছি _ প্ৰায় ৫০ লাখ মান পৰে.... কিন্তু ভাৰতত ইয়াৰ খৰছ কম _ তথ্যমতে ১০ ৰ পৰা ১৫ লাখ মানৰ ভিতৰতে হৈ যায়। বহুল প্ৰচাৰিত যে পৃথিৱীৰ অন্য দেশৰ তুলনাত ভাৰতত সাৰোগেছী কেচ সৰ্বাধিক _ ভাৰততে বছৰি ৫০০ মান surrogacy কেচ সম্পন্ন হয়। আমাৰ অসমত ইয়াৰ প্ৰভাৱ বৰ কম। ভাৰতবৰ্ষত গুজৰাট, মোম্বাই আদিত বহুতো দুখীয়া শ্ৰেণীৰ মহিলাই এই মাধ্যমটো জীৱিকাৰ উপায় হিচাবে গ্ৰহণ কৰিছে। বিশেষকৈ ১৮ ৰ পৰা ৩৫ বছৰীয়া মহিলাই দুখীয়া মহিলাই সহজেই সাৰোগেট মাডাৰ হবলৈ আগ্ৰহ প্ৰকাশ কৰে বিনিময়ত ৩ লাখ _৪ লাখ উপাৰ্জন কৰে তাৰোপৰি গৰ্ভৱতী অৱস্থাত খোৱা পিন্ধা, থকা মেলাৰ উৎকৃষ্ট সা সুবিধা লাভ কৰে। ভাৰতত সাৰোগেট মাডাৰ পাবলৈ সুবিধা হয় বাবে বহুতো বিদেশী দম্পতীয়ে ভাৰতলৈ আহি সাৰোগেট মাডাৰৰ ব্যৱস্থা সহজেই কৰি লয়। 


   কিছুমান ক্ষেত্ৰত অৱশ্যে আৱেগিক সমস্যাৰ সৃষ্টি হয়। কোনো কোনো ক্ষেত্ৰত সাৰোগেট মাডাৰে সন্তান জন্ম দিয়াৰ পাছত আৱেগিক হৈ সন্তানটি প্ৰকৃত পিতৃ মাতৃক সপি দিবলৈ অস্বীকাৰ কৰে। আপোনালোকৰ নিশ্চয় ' চোৰী চোৰী চুপকে চুপকে' বিখ্যাত ৰোমাণ্টিক চিনেমাখন মনত আছে যত প্ৰীতি জিন্টাই সাৰোগেট মাডাৰৰ ভূমিকা পালন কৰিছিল আৰু সন্তান জন্ম দিয়াৰ পিছত সন্তানটি পিতৃ মাতৃৰ ভূমিকাত অভিনয় কৰা ছলমান খান আৰু ৰানী মুখাৰ্জীক দিবলৈ অস্বীকাৰ কৰিছিল _ এই দৃশ্য সচাঁকৈয়ে বৰ হৃদয়বিদাৰক আছিল। তাৰোপৰি কিছুমান এনে সমস্যা আছে যেনে এনেদৰে জন্ম দিয়া সন্তানটি বিভিন্ন ৰোগত আক্ৰান্ত বা বিকলাংগ হবও পাৰে তাৰ ফলস্বৰূপে প্ৰকৃত পিতৃ মাতৃয়েই  সেই সন্তানক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।  ফলস্বৰূপে সেই সন্তান সাৰোগেট মাডাৰৰ বাবে বোজাৰ দৰে হৈ পৰে।


    ভাৰতত সাৰোগেছীৰ ওপৰত কোনো আইনী নিষেধাজ্ঞা নাই কিন্তু ফ্ৰান্স, নেডাৰলেণ্ডত  সাৰোগেট পদ্ধতিত নিষেধাজ্ঞা আছে। অন্যহাতে ব্ৰিটেইন আৰু কিছু দেশত ব্যবসায় ভিত্তিক সাৰোগেছীৰ  আইনী সন্মতি নাই যদিও কিছুমান ব্যক্তিগত ভাবে এই পদ্ধতি প্ৰচলিত হৈয়ে আছে। 


       যোৱা বছৰ ভাৰত চৰকাৰে  The Surrogacy (Regulation) Bill, 2019  উত্থাপন কৰে। এই Bill খনত Surrogacyৰ কিছুমান নিয়ম বান্ধি দিয়ে।

Bill খনে commercial surrogacy নিষেধ কৰে, কিন্তু altruistic surrogacy অনুমতি দিয়ে।  Altruistic surrogacy ত কোনো ধৰণৰ টকাৰ লেন-দেন নহয়, মাত্ৰ pregnancy ৰ সময়ত গৰ্ভধাৰণ কৰা মহিলা গৰাকীৰ medical ৰ খৰচ আৰু insurance থাকিব। 

কিন্তু Commercial surrogacy ত উপৰোক্ত খৰছৰ উপৰিও বহু পৰিমাণৰ টকাৰ আদান প্ৰদান হয়।

Commercial surrogacy বন্ধ কৰিবলৈ চেষ্টা কৰিছে কাৰণ এই পদ্ধতিটোক বহুতো মহিলাই নিজৰ পেছা হিচাপে লৈছিল বা  বহুত দুখীয়া মহিলাক বাধ্য কৰোৱা হৈছিল। তেনে কৰাৰ ফলত সেই মহিলা সকলৰ স্বাস্থ্যৰ বহু অৱনতি হৈছিল।

কিছুমান কাৰণত surrogacyৰ আইনীভাৱে সন্মতি দিয়া হব:

 (i) for intending couples who suffer from proven infertility; (ii) altruistic; (iii) not for commercial purposes; (iv) not for producing children for sale, prostitution or other forms of exploitation; and (v) for any condition or disease specified through regulations.


(তথ্যৰ সহায় লৈ) 


দীপিকা সভাপণ্ডিত _ যোৰহাট