
শৰতৰ সন্ধিয়া। চাৰিওঁফালে শেৱালিৰ গোন্ধই আমোলমোলাইছে। জোনবাইজনীও আজি একেবাৰে ফৰকাল হৈ পৰিছে। গৰমৰ দিনত এনেকুৱা বতৰত পদুমীয়ে হাতত বিচনীখন লৈ মাজ চোতালত বস্তা এখন পাৰি ভৰি দুখন মেলি লৈ প্ৰায়ে জিৰণি লয়। দিনটোৰ অলসতা দূৰ কৰিহে ৰাতিৰ সাঁজ ৰান্ধিবলৈ যায়। আজি অকলে অকলে একো কৰিব মন যোৱা নাই। বাপেক নোহোৱা দুগৰাকী কন্যাক লৈ ঘৰখন কেনেকৈ চলাব লাগে তাই আজিকালি শিকি লৈছে বা শিকিবলৈ বাধ্য হৈ পৰিছে। বিয়া হোৱা দহ বছৰ হৈছিলহে! গিৰিয়েকজনক পাঁচলি বিক্ৰী কৰিবলৈ যাওঁতে বাছে খুন্দিয়াই মাৰিলে। এতিয়া ঘৰখনৰ সমস্ত দায়িত্ব তাইয়ে চম্ভালিবলগা হৈছে। ডাঙৰ ছোৱালীজনী ন-বছৰীয়া তাইক লৈ বৰ-বেছি চিন্তা নাই, কাৰণ তাই মাকৰ দুখ-দুৰ্দশা বুজি পোৱা হৈছে। সৰুজনীক লৈহে তাইৰ বেছি চিন্তা । তাইৰ বয়স সাতবছৰ। সময়ে সময়ে বৰকৈ জেদ ধৰে। কেতিয়াবা তাই নিজৰ কঁপালখনকে ধিয়াই গিৰিয়েক চক্ৰলৈ বৰকৈ খং উঠে। এনেকুৱা ফুলকুমলীয়া ছোৱালী দুজনী তাইৰ দায়িত্বত এৰি যাব লাগেনে! তাইৰনো বয়স কিমান হৈছে? লগৰবোৰৰ এতিয়ালৈকে বিয়াই হোৱা নাই।
'চক্ৰই দিয়া ৰঙা-পাৰীৰ গুণা-বছা মেখেলা-চাঁদৰযোৰ পিন্ধিলে মোৰ লগৰ পুতুলীয়ে এতিয়াও মোক পাত্তা নাপাব । তাই যিহে নখ পলিচ লগাব মই জেতুকা লগালে এতিয়াও মোৰ হাতখন পদুমৰ পাঁহি যেন লাগিব।'- চোতালত বহি থকা পদুমীয়ে অকলে অকলেই ভোৰভোৰাই উঠিল । পিছমুহুৰ্ততে কোনোবাই শুনে বুলি নিজক চম্ভালি লৈ মিঁচিকিয়াই হাঁহিলে। এইবাৰ নিজৰ হাঁতৰ আঙুলিকেইটা খৰধৰকৈ মেলি লৈ এক, দুই, তিনি কৰি গণিবলৈ ল'লে। নিজকে কোৱা দি কৈ উঠিল,
'চেহ আজি ন তাৰিখ। মহাজনৰ মাহেকীয়া কিস্তিটো দিব হ'লেই দেখোন! যোৱামাহত এই কিস্তিটোৰ বাবে মহাজনে কমখন হৈ হাল্লা কৰিছিল নে! যিহে ললুপ চাঁৱনি কিস্তি দিব নোৱাৰিলে যেন গোটেই মানুহজনীকে খাই পেলাব। কথাৰ সৰঙাৰে কিমানবাৰ যে তাইৰ হাতত ধৰিব বিচাৰিছিল, ভাবিলে এতিয়াও তাইৰ কাণ-মূৰ গৰম হৈ আহে। তাইৰ এই সেন্দুৰ নোহোৱা উকা কঁপালখনৰ জীৱনটোক লৈ বৰকৈ খং উঠি আহিল নিজকে কোৱা দি ক'লে, 'ছাল-বেৰ নোহোৱা ঘৰত শিয়াল-কুকুৰেও জুম বান্ধে।' তাকো মহাজনৰপৰা লৈছিলনো কিমান পইচা পাঁচহাজাৰহে! চক্ৰৰ দুৰ্ঘটনাৰ সময়ত লোৱা ধাৰখিনিয়ে তাইৰ শান্তি নোহোৱা কৰিছে। মাহে পাঁচশ টকা প্ৰতিমাহৰ বাৰ তাৰিখে দিয়াৰ চুক্তিবদ্ধ। তাৰিখটো মনত পৰাৰ লগে লগে তাইৰ হাত-ভৰি কঁপিবলৈ ধৰিলে। খোপজোপকৈ বহাৰপৰা উঠি মাটিৰ চাঁকিটো লৈ ঘৰৰ ভিতৰলৈ লৰ দিলে।
বিচনাৰ গাৰুৰ তলত থৈ দিয়া ৰুমালেৰে বন্ধা খুচুৰা পইচাৰ টোপোলাটো উলিয়াই লৈ গোটেই বিচনাখনতে পইচাবোৰ পাত-পাতকৈ পাৰি ল'লে। ভাগ্যেই আজি সৰুজনী ছোৱালী নাই , বায়েকৰ লগত মোমায়েকৰ ঘৰলৈ গৈছে। নহ'লে তাই কোনোকালে এনেদৰে মুক্তমনে পইচা গণিব নোৱাৰে। 'মাক-বায়েকৰ চিন্তা সেইজনীৰ নাই পইচা পালেই শুক্ৰেৰ দোকানলৈ গৈ আজি লজন , কালি বিস্কুট ভৰাই আহিব। ক'ৰপৰা এইজনী ইমান মগজু নোহোৱা ছোৱালীৰ জন্ম হ'ল; মাৰৰ মূৰ খাইহে এৰিবি।'- পদুমীয়ে নিজকে কোৱা দি ক'লে। 'বাপেক নোহোৱা সৰু ছোৱালী ঘৰতনো শুদা ভাতমুঠিৰ বাদে কি খাব পায় ওলপটো খাব ইচ্ছা কৰিবই'- পিছমুহুৰ্ততে নিজেই বেৰবেৰাই উঠিল। মইতো লোকৰ ঘৰত কাম কৰিবলৈ গৈ কেতিয়াবা চাহ-বিস্কুট, কেতিয়াবা দাইল-কণীৰ সৈতে ভাতমুঠি পাওঁৱেই; ইহঁত দুজনীৰ বাবে তাইৰ মনটো সেমেকি উঠিল। ওলাই অহা চকুঁৰ পানীখিনি চাঁদৰৰ আঁচলেৰে মচি ল'লে। এইবাৰ মাজভাগতে ফাঁটি যোৱা চাঁদৰখনলৈ একেথিৰে চাই ৰ'ল। এবাৰ দুৰ্গা পূজাৰ সময়ত চক্ৰই আনি দিয়া চাঁদৰ, কিমান যে মৰমেৰে আলফুলে সাঁচি ৰাখিছিল প্ৰায় পাঁচ-ছবছৰে হ'ল। এতিয়া অভাৱেৰে ভৰি পৰা ঘৰখনত দেহটো ঢাঁকিবৰ বাবে ব্যৱহাৰ কৰিব লগা হৈছে। পিন্ধি থকা ব্লাউজটোও ঠায়ে ঠায়ে ফাঁটিছে। কিমানবাৰ যে চিলাই মাৰিবলগা হৈছে তাৰ হিচাপ নাই। সিদিনা নোৱনীহঁতৰ ঘৰত ধান জাৰিবলৈ গৈ তাই কম লাজ পাইছিলনে! নোৱানীৰ সৰু দেৱৰেকটোৱে ফটা ব্লাউজৰ তলেৰে তাইৰ ওলাইপৰা বগা পিঠিখন চাই থকা তাই লক্ষ্য কৰিছিল। নিজৰ কানি -কাপোৰ টানি-আজুৰি লৈ কিমান যে হাবাধূৰি খাই পৰিছিল। কৰিবলগা কামখিনিও তাইৰ সিদিনা নহয় যেন লাগিছিল।তাতে সি ডাং বৰলাটোৱে তাইক পাকে-প্ৰকাৰে কিমান যে ইংগিত নিদিব! কেতিয়াবা ছোৱালী দুজনীৰ খবৰ লোৱাৰ অচিলা লৈ বাৰীৰ কল লৈ আহিব , কেতিয়াবা নাৰিকল। কিমানবাৰ কৈছে তাই, 'তাইৰ এইবোৰৰ প্ৰয়োজন নাই।' ক'লেও নুশুনে মানুহটোৱে। একেবাৰে আকোৰগোজ । যি কৰো বুলি ভাবে কৰিবই। টিঙিছকৰে খং উঠি নিজেই কৈ উঠিল, 'বোলে নাৰীৰ চৰিত্ৰত লগা দাঁগ হাজাৰ চেষ্টা কৰিলেও গুচাব নোৱাৰি, মোক শান্তিত থাকিবলৈ দে, নহ'লে কেতিয়াবা সেন্দুৰৰ ফোঁট লৈ তোৰ ঘৰত গৈ ওলাম।'
পইচা গণিবলৈ এৰি তাই এইবাৰ বেৰৰ খুটাৰ গজাঁলত আৰি থোৱা আইনাখন বিচনাৰ ওচৰলৈ আনি লিৰিকি-বিদাৰি নিজৰ উকা কঁপালখন চাবলৈ ল'লে। যেন সূৰ্যৰ হেঙুলীয়া ৰংবিহীন মেঘাচ্ছন্ন আকাশ। দুধাৰি চকুলোঁ বৈ আহি কেতিয়া চাঁদৰৰ আঁচলটো তিতি গ'ল তাই গ'মেই নাপালে। ডাঙৰজনী ছোৱালীলৈ তাইৰ খুব খং উঠিল তাইনো বাৰু কিয় সৰুজনী ছোৱালীক মোমায়েকৰ ঘৰলৈ লৈ যাব লাগে, তাই থাকিলে অন্ততঃ তাইৰ উৎপাতবোৰ সহ্য কৰোতেই সময়বোৰ পাৰ হৈ যায়। আজি তাইৰ সময়বোৰ নাযায় নুপুৱাই অৱস্থা। এইবাৰ পুৰণি কাপোৰৰ বৰপেৰাটো মেলি লৈ চক্ৰই জীয়াই থাকোতে আনি দিয়া সেন্দুৰৰ টেমাটো আৰু কেতিয়াও পিন্ধিবলৈ নোপোৱা ৰঙা-পাৰীৰ গুণা-বছা মেখেলা-চাঁদৰযোৰ বুকুত সাঁৱটি লৈ উচুপি পৰিল। এইবাৰ নিজৰ ভাগ্যখনকে ধিয়াই নিজক চম্ভালি লৈ সেন্দুৰৰ টেমাটো আৰু কাপোৰযোৰ বৰপেৰাৰ ওপৰতে থৈ পইচাৰ টোপোলাটো গণিবলৈ এৰি একাশৰীয়াকৈ বান্ধি থ'লে। নিজৰ মনৰ মাজতে ভাবিবলৈ ল'লে, 'পইচাৰ সমস্যাতকৈ মোৰ মানসিক সমস্যা বেছি।' কেৰ-মেৰকৈ দৰ্জাখন বন্ধ কৰি বাঁহৰ ডাং এডাল লগাই দি মাটাৰ চাঁকিটো জ্বলাই লৈ শুই পৰিল।
নিজে শোৱা বাঁহৰ বিচনাখনৰ কেটেৰ-কুটুৰ মাতটো আজি তাইৰ অসহ্য লাগিল। ঘৰৰ মুধচটোলৈ চাই লক্ষ্য কৰিলে সৰুজনী ছোৱালী থকা ঠাইখিনিৰ ঠিক ওপৰতে এটা সৰু ফুটা হৈছে। সাত-আঠবছৰীয়া চক্ৰই বনাই যোৱা ঘৰ, হ'বই। তাইজনীয়ে বৰষুণ আহিলে কিমান কষ্ট পায় চাগে! আজিৰেপৰা নিজে সেইখিনি ঠাইত থকাৰ কথা মনতে পাঙিলে। বেছেৰীজনী কিছু আঁকৰী যদিও খুব ভাল। সিদিনা ডাঙৰজনী ছোৱালীৰ একে বয়সৰ ভেদেলীৰ মাকে গোঁসানী পূজাত এৰি দিয়া পাৰযোৰ আনিবলৈ কৈছিল, সেইকেইটাও আজি বৰকৈ উৎপাত কৰি থকা তাই অনুভৱ কৰিলে। নিগনি-চিকা কেইটাও আজিহে বস্তু-বাহানি পেলাই ঘুটুং-ঘাটাং শব্দ কৰি গোটেই ঘৰখনতে চলাথ কৰিব পাইছে। নিজৰেই খাবলৈ নাই তহঁতে কি পাবি বুলি বিৰক্তিত তাই ভোৰভোৰাই উঠিল। পাৰৰ গুতুৰ-গুতুৰ , চিকাৰ চিক্ চিক্ শব্দত তাইৰ ৰাতি দুপৰলৈকে টোপনি নাহিল।
:অ' বৌটি বৌটি অ' দুৱাৰখন খুলি দেচোন'
চিলমিলকৈ তাইৰ টোপনি আহিব লৈছিলহে। বাহিৰত কাৰোবাৰ ফুঁচফুঁচনি যেন অনুভৱ কৰিলে। কাণ থিয় কৰি শুনিবলৈ ল'লে- পিছে নাই, নিশব্দঃ। পিছত নিজৰ মনৰেই ভ্ৰম বুলি শুই পৰিল।
:শুনিছনে বৌটি ম.... ম.... মই যোগেন।
তাই এইবাৰ কাণ থিয় কৰি শুনিবলৈ ল'লে। হয়, সি যোগেনেই নোৱানীহঁতৰ সৰু দেৱৰেকটো। গোটেইজনীৰ অণ্ঠ-কণ্ঠ শুকাই গ'ল , হাত-ভৰি কঁপিবলৈ ধৰিলে। মুখেৰে একো-এটা উচ্চাৰণ নকৰাকৈ সি কি কৈছে শুনিবলৈ ল'লে।
: শুনিছনে বৌটি তই ভয় নকৰিবি । কোনেও নথকাৰ সুযোগতে তোক মই দুটামান কথা কওঁ বুলিহে আহিছোঁ। তোক মোৰ খুব মৰম লাগে।
: তই যদি কোৱা মই তোক আপোন কৰি নিম।
:দুয়োটাৰে দুখবোৰ ভগাই ল'ম।
:ছোৱালী দুজনীকো নিজৰ বুলিয়েই ভাবি ল'ম।
:বৌটি শুনিছনে.....
পিছৰখিনি সি তাইক কি ক'লে, কেতিয়া তাৰপৰা গুচি গ'ল তাই একো গ'ম নাপালে। মাথো দূৰৈত ভেদেলীহঁতৰ পদূলিমুখত সিহঁতৰ ঘৰৰ কুকুৰকেইটাৰ ভুকঁভুকঁনি শুনিবলৈ পালে। সি কৈ যোৱা কথাকেইটাই তাইৰ কৰ্ণ-কুণ্ডলত বাজি থাকিল। লাহেকৈ বিচনাৰপৰা নামি সযতনে উঠি আহি কোনো শব্দ নকৰাকৈ দৰ্জাখনত লগাই থোৱা ডাংডাল লাহেকৈ এৰুৱাই দিলে। মাটিৰ চাঁকিটো লৈ বৰপেৰাটোৰ ওচৰলৈ গৈ চক্ৰই আনি দিয়া সেন্দুৰৰ টেমাটো সঘনাই লাগি থকা আইনাখনৰ ওচৰত আৰু ৰঙা-পাৰীৰ গুণা-বছা মেখেলা-চাঁদৰযোৰ তাইৰ কাপোৰ থোৱা তাঁৰডালৰ একেবাৰে ওপৰত থ'লে। মাটিৰ চাঁকিটো লৈ ভৰি মচিবলৈ পাৰি থোৱা বস্তাখনত ভৰি দুখন মচি লৈ নিশ্চিন্তমনে বিচনাখনত উঠি মাটিৰ চাঁকিটো নুমাই শুই পৰিল।
জৌতিষ শৰণীয়া, বাক্সা
দূৰভাষ নং: ৮৭২১৮৫৪৯৪৪

